ETV Bharat / state

বঙাইগাঁৱত জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন বন মন্ত্ৰীৰ - বঙাইগাঁৱৰ কাকৈজানাক অভয়াৰণ্য স্বীকৃতি দিয়া হ’ব

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই সহায়হে কৰিব বিজেপিক । বিজেপিৰ কাম কাজত সন্তুষ্ট এআইইউডিএফ ৷ কাৰণ বিগত চাৰি বছৰত কোনো স্থিতি ল’ব পৰা নাই বিৰোধীয়ে ।

Forest Minister Inaugurate a Park at BongaigaonForest Minister Inaugurate a Park at Bongaigaon
Forest Minister Inaugurate a Park at Bongaigaon
author img

By

Published : Aug 29, 2020, 10:49 PM IST

বঙাইগাঁও, 29 আগষ্ট : বঙাইগাঁও জিলাৰ চিটকাগাঁৱত আই ভেলি ডিভিজনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ এই অনুষ্ঠানতেই কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপি দলক সহায়হে কৰিব আৰু বিজেপিৰ কাম কাজত সন্তুষ্ট এআইইউডিএফ বুলি উল্লেখ কৰে পৰিমল শুক্লবৈদ্যই ৷ কাৰণ বিগত চাৰি বছৰত কোনো স্থিতি ল’ব পৰা নাই বিৰোধীয়ে ।

আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা পূৰ্বতে পৰ্দাৰ ভিতৰত আছিল কিন্তু এতিয়া পৰ্দাৰ বাহিৰলৈ আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

বঙাইগাঁৱত জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন

এই আধাৰশিলা স্থাপন অনুষ্ঠানত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে উপস্থিত আছিল দক্ষিণ অভয়াপুৰী সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক অনন্ত মালো আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

এই জৈৱ বৈচিত্ৰ উদ্যানত 1000 প্ৰজাতিৰ ফল-মূলৰ লগতে বিভিন্ন ঔষধি গছ থাকিব বুলি জানিবলৈ দিয়ে । ইপিনে অতিশীঘ্ৰে সোণালী বান্দৰৰ বিচৰণ ভুমি বঙাইগাঁৱৰ কাকৈজানাক অভয়াৰণ্য স্বীকৃতি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই সহায়হে কৰিব বিজেপিক : পৰিমল শুক্লবৈদ্য

বিশ্ব বিখ্যাত তথা লুপ্তপ্ৰায় সোণালী বান্দৰৰ বিচৰণভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দাতিকাষৰীয়া এই জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশীলাই অঞ্চলটোৰ প্ৰতি পৰ্যটক সকলক আকৰ্ষণ কৰিব বুলি আশা কৰিছে বন মন্ত্ৰীগৰাকীয়ে ।

লগতে চাওক-কৰ'ণা নিৰ্মূলৰ ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.