ETV Bharat / state

বন বিভাগৰ অভিযানত জব্দ হ'ল চোৰাং কাঠ ফলা মিল - বন বিভাগৰ অভিযানত জব্দ হ'ল চোৰাং কাঠ ফলা মিল

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত চলি আছে অবৈধ ভাৱে চলি আছে চোৰাং কাঠ ফলা মিল । বনবিভাগ আৰু পাণবাৰী এচ এচ বিৰ ৫৪ বেটলিয়ানৰ যৌথ অভিযানত জব্দ হ'ল লক্ষাধিক টকাৰ মূল্যৰ চোৰাং কাঠসহ কাঠফলা মিল ।

forest department seized illegal wood mill in chirang
বঙাইগাঁৱত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়
author img

By

Published : Feb 5, 2020, 11:03 PM IST

চিৰাং , 5 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ কুৰ্সামাৰীত বন বিভাগৰ অভিযানত জব্দ হ'ল লক্ষাধিক টকাৰ মূল্যৰ চোৰাং কাঠসহ কাঠফলা কল । বুধবাৰে বনবিভাগ আৰু পাণবাৰী এচ এচ বিৰ ৫৪ বেটলিয়ানৰ যৌথ অভিযানত চিৰাং জিলাৰ কুকলুং বন উপ সংমণ্ডলৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ কুৰ্সামাৰী পৰা জব্দ কৰা হয় চোৰাং কাঠখিনি । জব্দকৃত চোৰাং কাঠৰ কুণ্ডাখিনিৰ মূল্য দুই লক্ষাধিক টকা হ'ব বুলি প্ৰকাশ কৰিছে বন বিভাগে ।

বঙাইগাঁৱত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

উল্লেখযোগ্য যে, বনবিভাগৰ তথ্য অনুসৰি দীৰ্ঘ দিনৰ পৰা অবৈধভাৱে কাঠফলা মিলটো চলাই আছিল চোৰাং কাঠ মাফিয়াই । বনবিভাগৰ অভিযানৰ উমান পাই আগতীয়াকৈ পলায়ন কৰে কাঠমিলৰ মালিক আৰু কাঠবেপাৰীয়ে । এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে বন বিভাগে । লক্ষ্যণীয় যে, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এই দৰেই চোৰাং কাঠ ফলা বহু সংখ্যক মিল চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃতৃতীয় লিংগ আইন ২০১৯ৰ বিৰুদ্ধে আইনী যুঁজত অধিবক্তা বিধান বৰুৱা

Intro:বঙাইগাঁও জিলাৰ কুৰ্সামাৰীত বন বিভাগৰ অভিযানৰ দুই লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ সহ কাঠফলা কল জব্দ।

Body:চিৰাং জিলাৰ কুকলুং বন উপ সংমণ্ডলৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ কুৰ্সামাৰী পৰা আজি বনবিভাগ আৰু পাণবাৰী এচ এচ বিৰ ৫৪ বেটলিয়ানৰ যৌথ অভিযানত এটা অবৈধ কাঠ ফলা কল সহ বুজন পৰিমানৰ কাঠৰ কুণ্ডা জব্দ কৰিছে । দীৰ্ঘদিন ধৰি অবৈধ ভাৱে দিৰ্ঘ দিনৰ পৰা কাঠফলা কলটো চলাই আছিল চোৰাং কষঠ মাফীয়াই । বনবিভাগৰ অভিযানৰ উমান পাই কাঠমিলৰ মালিক আৰু কাঠবেপাৰীয়ে পলায়ন কৰে। এই বিষয়ে বন বিভাগৰ তদন্ত অব্যাহত আছে ।

বাইট : বন বিভাগৰ লোক আৰু এচ এচ বিৰ লোক ।

মন্তব্যঃ বনবিষয়া ,SSB

Conclusion:চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এই দৰেই চোৰাং কাঠ ফলা বহু সংখ্যক কল চলাই থকা বুলি জানিব পৰা গৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.