ETV Bharat / state

বৰ্তমানেও বানৰ কবলত চিৰাঙৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও - flood

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি-বেদলাং পাৰা গাঁৱত বৰ্তমানেও অব্যাহত আছে বানৰ ত্ৰাস । ভূটানত অত্যাধিক বৰষুণ হোৱাৰ ফলতে প্লাৱিত হয় এই দুখন গাঁও ।

বৰ্তমানেও বানৰ কবলত চিৰাঙৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও
author img

By

Published : Jul 27, 2019, 9:03 AM IST

চিৰাং, 27 জুলাই : বৰ্তমানেও খাম কটা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ শেহতীয়াকৈ ভূটানত অত্যাধিক বৰষুণ হোৱাৰ ফলত নিজলা নদীৰ জলস্তৰ উফন্দি উঠি পাহাৰৰ বৈ অহা পানীয়ে বিপদ মাতিছে চিৰাঙলৈ ৷ এনেদৰে পাহাৰৰ পৰা নামি অহা ভূটানৰ পানীয়ে বুৰাইছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও ।

বৰ্তমানেও বানৰ কবলত চিৰাঙৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও

ফলত এতিয়াও ঘৰলৈ যাব পৰা নাই আশ্ৰয় শিবিৰত থকা লোকসকল ৷ যদিও নিৰৱ প্ৰশাসন ৷ বানাক্ৰান্তসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে বন্যাৰ্তসকলক কোনোধৰণৰ সাহায্য প্ৰদান নকৰাৰ অভিযোগ বানাক্ৰান্তৰ ৷

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি-বেদলাং পাৰা গাঁওত আজিও বান পানী । ভূটানত বৰষুন পৰাৰ লগে লগে প্লাৱিত হয় এই দুখন গাঁও ।

Body:এয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি আৰু বেদলাং বস্থি গাঁওৰ বাসিন্দা সকল শিবিৰত থকাৰ দৃশ্য । কাৰন তেওঁলোকৰ গাঁওৰ ঘৰে ঘৰে সোমাইছে ভূটানৰ পৰা অহা নিজলা নদীৰ বানপানী । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত বৰষুন পৰাৰ কিছু সময়ৰ পিচতেই প্লাৱিত হয় এই দুখন গাঁও । আচলতে পাহাৰৰ পৰা নামি অহা নিজলা নদীৰ ভূ-পৃষ্ট পাহাৰৰ মীটী খহাই আনি গাঁও দুখনৰ সমান উচ্চতাত আহি পৰাত নদীৰ পানী পোনে পোনে গাঁওত সোমায় । কিন্ত জিলা প্ৰশাসনে নদীৰ তলভাগ খুন্দিলে আৰু গাঁওত পানী সোমোৱা পথত বান্ধ বান্ধি দিলে হয়তো গাঁওত পানী সোমোৱা বন্ধ হব । তেতিয়াহে সকাহ পাব এই দুখন গাঁওৰ সাধাৰন দৰিদ্ৰ তথা শ্ৰমিক শ্ৰেনীৰ বড়ো আৰু আদীবাসী লোক সকল । যোৱা চাৰি দিনৰ পৰা গাঁওত পানী সোমোৱাত থাকিব নোৱাৰি শিবিৰ পাতিব লগীয়া হৈছে যদিও চৰকাৰী সাহাৰ্য্য পৰ্য্যপ্ত নোপোৱা বুলি অভিযোগ উত্থাপন হৈছে ।

বাইট দিলো

Conclusion:চৰকাৰ প্ৰশাসনেও বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই এই সকল বানাক্ৰান্তক । শিবিৰ খন দেখিলে অতি সহজেই অনুমান কৰিব পৰা যায় যে শিবিৰত কি দৰে আছে এই সমুহ গাঁওৰ লোক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.