ETV Bharat / state

বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, দোকানসহ তিনিটা গৃহ ভষ্মীভূত - বঙাইগাঁও অগ্নিনিৰ্বাপক বাহিনী

নিশা বঙাইগাঁও চহৰত অগ্নিকাণ্ডত দুখন দোকানসহ এটা ঘৰ ভষ্মীভূত হয় । কেবালাখ টকাৰ সম্পত্তি জ্বলি ছাই হয় ।

বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, দোকানসহ তিনিটা গৃহ ভষ্মীভূত

author img

By

Published : Jul 16, 2020, 1:57 AM IST

চিৰাং, 16 জুলাই : নিশা বঙাইগাঁও চহৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত দুখন দোকানসহ এটা ঘৰ ভষ্মীভূত হয় । কেবালাখ টকাৰ সম্পত্তি নিমিষতে জ্বলি ছাই হৈ পৰে ।

বঙাইগাঁও চহৰৰ আনছাৰ আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ লোকজন সপৰিয়ালে চিকিৎসাৰ বাবে হায়দৰাদত আছে আৰু লকডাউনৰ ফলত উভটি আহিব পৰা নাই । নিশা কোনো লোক ঘৰত নথকা অৱস্থাতে বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷

ভয়াৱহ অগ্নিকাণ্ডত দোকানসহ তিনিটা গৃহ ভষ্মীভূত

অগ্নিকাণ্ডত কেবালাখ টকাৰ সম্পত্তি ভষ্মীভূত হয় । আনছাৰ আলীৰ ঘৰখনৰ লগতে থকা দুখন দোকান এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময় চেষ্টা কৰি জুই নুমোৱাত কথমপি ৰক্ষা পৰে বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ ৷

লগতে পঢ়কঃ পুঠিমাৰী-বৰলীয়াৰ বানে সকলো কাঢ়ি নিলে বন্যাৰ্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.