চিৰাং, 20 জুলাই: চিৰাং জিলাৰ আই নদীৰ পানী বৃদ্ধি পোৱাত সংকট নামি আহিছে আই নদীৰ ওপৰৰ হাগ্ৰামা দলঙলৈ । আই নদীৰ গৰাখহনীয়াত বৰ্তমানে দলং খনৰ উত্তৰ দিশৰ পথ খহাই নিয়াৰ উপক্ৰম হৈছে । যোৱা 18 তাৰিখে ইটিভি ভাৰতৰ বাতৰি পৰিৱেশনৰ পিচতেই সোমবাৰে জলসম্পদ বিভাগে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় ।
দুবছৰ পূৰ্বে প্ৰায় দুই কিলোমিটাৰ দূৰৈত থকা নদীখন হঠাতে এতিয়া নিকটৱৰ্তী বসতি অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে ৷ স্থানীয় লোকৰ অভিযোগ যে,এই ঠাইত থকা শিল বালি অত্যাধুনিক যন্ত্ৰৰে খনন চলোৱাৰ ফলতেই নদীখনে গতি সলাই আজি পাৰলৈ আহি উপনীত হৈছে । মুঠতে বন বিভাগে অবৈধ ভাৱে মহলৰ অনুমতি দিয়াৰ ফলতেই আই নদীয়ে গতি সলাই কেবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ।
এই ঠাইখন হৈছে পলাংসুগুৰী গাঁৱৰ অন্তৰ্গত ৷ এতিয়া ইয়াৰ লগতে তুলসিঝোৰা,মানিকপুৰ আদি গাঁওৰ পথ খহাই নিলে জিলা সদৰৰ পৰা ব্যাপক ভাৱে প্ৰায় ডেৰ শতাধিক গাঁও বিচ্ছিন্ন হৈ পৰিব ।
বন বিভাগে ভুল ভাৱে মহলৰ অনুমতি দিয়াৰ ফলতেই আই নদীৰ গৰাখহনীয়াই আজি ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰে । কিন্তু ইমান দিনে এই ক্ষেত্ৰত নিমাতে আছিল জিলা প্ৰশাসন তথা জলসম্পদ বিভাগ । ইফালে জলসম্পদ বিভাগৰ এজন বিষয়াই দায় সৰা মন্তব্যৰে কয় যে,বন বিভাগে মহল সমূহৰ অনুমতি দিয়ে গতিকে তাত জলসম্পদ বিভাগৰ কোনো দায়িত্ব নাথাকে ৷