ETV Bharat / state

বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ - হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ

হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ । চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ শ গাওঁ খহনীয়াৰ কৱলত । নিৰ্বিকাৰ প্ৰশাসন । ৰাইজৰ প্ৰতিবাদ । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন বৰ্জনৰ হুংকাৰ ভুক্তভোগী গঞা ।

বিধ্বংসী গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ-শ গাওঁ
বিধ্বংসী গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ-শ গাওঁ
author img

By

Published : Nov 28, 2019, 12:53 PM IST

চিৰাং, 28 নৱেম্বৰ: চিৰাং জিলাৰ বড়োবাজাৰ উন্নয়ন খণ্ডৰ অধীনৰ বিষ্ণুপুৰ ভি চি ডি চিৰ অন্তৰ্গত ধুলা নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ । গাঁৱখনৰ শ শ পৰিয়াললৈ খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ । ফলত আতংকিত হৈছে পৰিছে গাঁৱবাসী । গাঁৱখনৰ অৰ্ধশতাধিক ৰাইজে নদীৰ পাৰত বিটিচি চৰকাৰ হায় হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিধায়ক কমল সিং নাৰ্জাৰী মুৰ্দাবাদ, মানাস ছেৰফাং এম চি এল এ মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ
হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ

গৰাখহনীয়া খহনীয়া প্ৰতিৰোধ কৰিবলৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে । ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিছে ৩০ মিটাৰ দীঘল বাহঁৰ সাঁকো । ইয়াৰ পাচতো নীৰৱ বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী । চিৰাং জিলাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ মাজেৰে বৈ যোৱা ধুলা নৈ খনত সাঁকো দি সদায়েই পাৰ হয় শ শ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোক ।

গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চল
গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চল

চাৰি বছৰ পূৰ্বে এখন কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও নিম্নমানৰ কাম কৰাৰ ফলত কেইমাহমান পিছতেই ভাঙি পৰে দলংখন ৷ তাৰ পিছৰে পৰাই ৰাইজে নিজৰ গাঠিৰ ধনেৰে প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে বাঁহৰ সাঁকো । কিন্তু কোনো কাণষাৰ নাই জন প্ৰতিনিধিৰ । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে যদি এই অঞ্চলৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু নদীৰ দলঙৰ ব্যৱস্থা নকৰে তেন্তে নিৰ্বাচন বৰ্জনৰ ভাবুকি দিয়ে গাঁৱবাসীয়ে ।

চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলত ৰাইজৰ প্ৰতিবাদ

চিৰাঙত কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি দল এটাই চিৰাং জিলাৰ বান আৰু গৰাখহনীয়া অঞ্চল ভ্ৰমণ কৰি পোৱা তথ্য আৰু চিৰাং জিলাৰ বিভিন্ন বিভাগে দিয়াৰ তথ্যৰ সৈতে অমিল ধৰা পৰাত উভতি যায় দলটো । এনে অৱস্থাত চিৰাং জিলাৰ এই ভুক্তভোগী অঞ্চলৰ লোকে এতিয়া লাভ কৰিব নে চৰকাৰৰ সহায় সেইয়াহে লাখ টকীয়া প্ৰশ্ন !

Intro:হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ। চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ শ গাওঁ খহনীয়াৰ কবলত। নিৰ্বিকাৰ প্ৰশাসন । ৰাইজৰ প্ৰতিবাদ । আগন্তক বিটিচি পৰিষদীয় নিৰ্ব্বাচন বৰ্জনৰ হুংকাৰ ভূক্তভোগী গঞাৰ ।

Body: চিৰাং জিলাৰ বড়োবাজাৰ উন্নয়ন খণ্ডৰ অধিনৰ বিষ্ণুপুৰ ভি চি ডি চিৰ অন্তৰ্গত ধুলা নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ । গাঁও খনৰ শ শ পৰিয়াললৈ খহনীয়াই তিব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।ফলত আতংকিত হৈছে গাঁও বাসী । আজি দুপৰীয়া গাওঁখনৰ অৰ্ধশতাধিক ৰাইজে নদীৰ পাৰত বিটিচি চৰকাৰ হায় হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিধায়ক কমল সিং নাৰ্জাৰী মুৰ্দাবাদ, মানাস ছেৰফাং এম চি এল এ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ । গৰাখহনীয়া খহনীয়া প্ৰতিৰোধ কৰিবলৈ অতি সোনকালে ব্যবস্থা গ্ৰহণ বাবে দাবী জনাইছে গাঁওবাসীয়ে।
চৰকাৰ_আহে_চৰকাৰ যায়, প্ৰতিশ্ৰুতি সমূহ প্ৰতিশ্ৰুতি হৈয়ে ৰয়। জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কণ কণ শিশুৰ লগতে ৰাইজৰ । প্ৰতিবাৰেই ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মান কৰে ৩০ মি দিঘল বাহঁৰ সাঁকো । নিৰৱ বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী।
চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ মাজেৰে বৈ যোৱা ধুলা নৈ খনত সাঁকো দি সদায়েই পৰা হয় শ শ ছাত্র-ছাত্ৰীকে ধৰি ব্যৱসায়ী। সকলোৱে অহা যোৱা কৰে চাৰি বছৰ আগতে এখন কালভাৰ্ট নিৰ্মাণ কৰিছিল যদিও নিম্নমানৰ কাম কৰাৰ ফলত কেইমাহমান পিছত দলংখন ভাঙি নদীত পৰি যায়। তাৰ পিছৰে পৰাই ৰাইজৰ গাঠিৰ ধনেৰে প্ৰতিবছৰে কাম কৰি আহিছে ৰাইজে । কোনো কানহাৰ নাই জন প্ৰতিনিধিৰ। আগন্তক বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ পুৰ্বে যদি এই অঞ্চলৰ নদীৰ গৰাখহনিয়া প্ৰতিৰোধ আৰু নদীৰ দলঙৰ ব্যৱস্থা নকৰে তেন্তে নিৰ্বাচন বৰ্জনৰ ভাৱুকি দিয়ে গাঁও বাসীয়ে ।

Byte : প্ৰতিবাদকাৰীৰ মন্তব্য ।

Conclusion:চিৰাঙত কিছুদিন পুৰ্বে কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি দল এটাই চিৰাং জিলাৰ বান আৰু গৰাখহনিয়া অঞ্চল ভ্ৰমন কৰি যি তথ্য পাইছিল সেয়া চিৰাং জিলাৰ বিভিন্ন বিভাগে দিয়াৰ তথ্যৰ সৈতে কোনো ধৰনৰ মিল নথকাত খঙতে গুচি গৈছিল বুলি জানিব পৰা গৈছিল । এনে অৱস্থাত চিৰাং জিলাৰ এই সমুহ অঞ্চলৰ লোকে কিদৰে চৰকাৰৰ পৰা সহায় লাভ কৰিব সেই লৈয়ো প্ৰশ্নৰ অৱতাৰনা কৰিছে ভূক্তভোগী লোক সকলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.