ETV Bharat / state

চিৰাঙত বনাঞ্চল ধ্বংস কৰি পাতিছে গাঁও; কাৰ স্বাৰ্থত নিমাত বিটিআৰ প্ৰশাসন ?

ইতিহাস হোৱাৰ পথত চিৰাঙৰ সংৰক্ষিত বনাঞ্চল । ৰাজনৈতিক উদ্দেেশ্য সিদ্ধিৰ বাবেই ধ্বংসৰ গৰাহলৈ ঠেলিছে বৃহত্তৰ বনাঞ্চলখন । অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, শোণিতপুৰ, ধেমাজিৰ পৰা আহি বেদখল চিৰাং সংৰক্ষিত বনাঞ্চলত । নিৰ্বিকাৰ বন বিভাগ । শংকিত প্ৰকৃতিপ্ৰেমী ।

author img

By

Published : Oct 20, 2021, 5:44 PM IST

Updated : Oct 20, 2021, 8:51 PM IST

enchroach at chirang by destroying forest
ইতিহাস হোৱাৰ পথত চিৰাঙৰ সংৰক্ষিত বনাঞ্চল

চিৰাং, 20 অক্টোবৰ : ক্ৰমাৎ অতীত হোৱাৰ দিশে গতি কৰিছে চিৰাং জিলাৰ বিস্তীৰ্ণ সংৰক্ষিত বনাঞ্চলে । ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলত চলিছে অবৈধ বেদখল । কোটি কোটি টকা মূল্যৰ মূল্যবান গছ কাটি বন ধ্বংস কৰি নতুনকৈ গাঁও স্থাপন বেদখলকাৰীৰ । ইতিমধ্যে এটা অংশত ২৫ খন গাঁও স্থাপন কৰি প্ৰায় ২০/২৫ হেজাৰ লোকে বনাঞ্চল বেদখল কৰি বসবাস কৰাৰ যো-জা চলাইছে ।

আশ্চৰ্যকৰ বিষয় যে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে অসমৰ শোণিতপুৰ, ধেমাজি, বাক্সা, ওদালগুৰি আদি জিলাৰ পৰা হেজাৰ হেজাৰ বেদখলকাৰীয়ে আহি চিৰাঙৰ বনাঞ্চল ধ্বংস কৰি গাঁও স্থাপন কৰি থাকিবলৈ লৈছে । কিন্তু এই ক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্যত যেন নিমাতে আছে বিটিআৰ প্ৰশাসন । ৰাজনৈতিক লাভালাভৰ উদ্দেশ্য লৈ বিটিআৰৰ ৰাজনৈতিক দলৰ নেতৃত্বই বনাঞ্চল ধ্বংস কৰা এই সকল বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে ।

চিৰাঙত বনাঞ্চল ধ্বংস কৰি পাতিছে গাঁও

জিলাখনৰ সুলেখাগুৰি অঞ্চলত নতুনকৈ প্ৰায় ২৫ খন গাঁও গঢ়ি উঠিছে বনাঞ্চলৰ ভূমিত । এয়া এক উদ্বেগজনক ঘটনা । এইদৰে বনাঞ্চল ধ্বংশ হৈ থাকিলে চিৰাং তথা সমগ্ৰ বিটিআৰ অঞ্চলত পৰিবেশ তথা জলবায়ুৰ ব্যাপক তাৰতম্য ঘটিব বুলি উদ্বেগ প্ৰকাশ কৰিছে একাংশই । সবাতোকৈ আশ্চৰ্যকৰ বিষয় হৈছে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ জিলাতে সংঘটিত হৈছে বনাঞ্চল ধ্বংসৰ এই ভয়ানক কাণ্ড ।

পূৰ্বতেও এই সমষ্টি বন বিভাগৰ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ আছিল । অসম চৰকাৰে লোৱা ভুল সিদ্ধান্তৰ বাবেই যোৱা দুবছৰত চিৰাঙৰ বনাঞ্চল ধ্বংস কৰি গঢ়ি উঠা ২৪৪ হেক্টৰ ভূমিৰ বেদখলকাৰীক ইতিমধ্যে এফ আৰ দিলে বন বিভাগে। পুনৰ হেজাৰ হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কৱলত পৰিছে । প্ৰায় সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহত চিৰাং সংৰক্ষিত বনাঞ্চলৰ সুলেখাগুৰি অঞ্চল ।

বন ধ্বংস

বন বিভাগে সময়ে সময়ে উচ্ছেদ চলায় যদিও আকৌ সেই উচ্ছেদিত লোক সকলে বনাঞ্চলৰ মাজতে ঘৰ সাজি থাকিবলৈ লয় । বেদখল মুক্ত নহয় এই বনাঞ্চল । এইবাৰো বনাঞ্চলৰ মাজৰ পৰা ৩১ টা ঘৰ উচ্ছেদ কৰে বন বিভাগে । কিন্তু বন বিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰিলে বেদখলকাৰী সকল । তেওঁলোক ক’ত আছে তাৰো তথ্য নাই বন বিভাগৰ হাতত । উচ্ছেদ চলোৱাৰ পিচ মূহুৰ্ততে আকৌ বসতি কৰিব এই সকল বেদখলকাৰীয়ে ।

খোদ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে স্বীকাৰ কৰিলে অবৈধভাবে বন ধ্বংসৰ কথা । বন সুৰক্ষা কৰ্মী জয়ন্ত দেৱনাথেও বনাঞ্চলত বেদখল দেখি আশ্চৰ্য প্ৰকাশ কৰিছে । বেদখলকাৰী সকলেও স্বীকাৰ কৰিছে আন ৰাজ্য বা জিলাৰ পৰা আহি বনাঞ্চল ধ্বংসৰে বসবাস কৰাৰ কথা । কিন্ত এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত বিটিআৰ প্ৰশাসন । আশ্চৰ্যকৰ কথা যে চৰকাৰীভাৱে পথ, বিদ্যুৎ যোগানো ধৰিছে এই সমূহ বনগাঁৱত ।

এই দৰে বনাঞ্চল ধ্বংশৰে বেদখলকাৰীৰ গাঁও গঢ়ি উঠা প্ৰক্ৰিয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে যে আমি বিপদ এৰি থৈ যাম সেয়া প্ৰায় নিশ্চিত । কাৰণ এই হাৰত চিৰাং সংৰক্ষিত বনাঞ্চল ধ্বংসৰে বেদখলকাৰীয়ে গাঁও স্থাপনৰে বসতি কৰিবলৈ ল’লে অহা ২/৩ বছৰৰ ভিতৰতে ইতিহাসত পৰিণত হ’ব চিৰাঙৰ সংৰক্ষিত বনাঞ্চল । যাৰ ফলত জলবায়ু অথবা পৰিবেশৰ তাৰতম্যৰ ফলত বসবাসৰ অনুপযোগী হৈ পৰিব পাৰে এই অঞ্চলবোৰ ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমানিত কৰা হৈছে : শিখা শৰ্মা

Last Updated : Oct 20, 2021, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.