ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : গুৱাহাটী-চিৰাঙৰ পৰা আটক দুজনকৈ ব্যক্তি - ভূটানী টকা

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত গুৱাহাটী আৰু চিৰাঙৰ পৰা আটক হৈছে দুজনকৈ ব্যক্তি ৷ লগতে জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

drugs seized in guwahati and chirang
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Nov 2, 2021, 1:09 PM IST

গুৱাহাটী/চিৰাং, 2 নৱেম্বৰ : নিষিদ্ধ ড্ৰাগছৰ ক’লা বেহা উৎখাত কৰাৰ লক্ষ্যৰে মহানগৰীৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিদিনেই চলাই আহিছে অভিযান ৷ অভিযানৰ সময়ত আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰিবলৈ সক্ষম হৈছে বহু নিচাজাতীয় সামগ্ৰী ৷

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সোমবাৰে নিশাৰ ভাগত গীতানগৰ আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত গীতানগৰ আৰক্ষীয়ে জুৰোড তিনিআলিৰ যোশীহাটৰ ওচৰৰ পৰা আটক কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক । আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা হৈছে আমিনগাঁৱৰ আজ্ঞাঠুৰী নিবাসী বাপুকণ আলী(২২) আৰু আৰজুল আলী(২৫) ৷

drugs seized in guwahati and chirang
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

সোমবাৰৰ এই অভিযান কালত আৰক্ষীয়ে জব্দ কৰে নগদ ধন সহ ৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ১০ টা খালী কণ্টেইনাৰ, চিৰিঞ্জ আৰু দুটা ম’বাইল । আৰক্ষীয়ে সদৰী কৰা মতে, দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি জু-ৰোড অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল অভিযুক্ত বাপুকণ আলী আৰু আৰজুল আলীয়ে । সম্প্ৰতি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

গুৱাহাটীৰ লগতে সোমবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি পথতো আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক ৷ চিৰাং জিলাৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনৰ ৰুণিখাটা থানা তথা দাদগিৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাদগিৰি পথৰ পৰা আৰক্ষীয়ে আটক কৰা দুজন ব্যক্তিক ৷

আটকাধীন দুই ব্যক্তিৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ লগতে ৫৮৪০ ভূটানৰ মুদ্ৰা ৷ জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ ভিতৰত আছে ২১৩৬ টা নিষিদ্ধ স্পাছম’ প্ৰক্সিভন কেপচুল আৰু ৩৮ টা নাইট্ৰ’জেন বড়ি ৷

লগতে পঢ়ক : ধনতেৰাচৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উদ্ধাৰ ৩০ লক্ষ্যাধিক টকাৰ গহনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.