চিৰাং, 12 অক্টোবৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত আৰক্ষীয়ে অভিযান চলাই সন্ধিয়া প্ৰায় 5:30 বজাত, জামে মছজিদৰ সন্মুখৰ পথৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ধন জব্দ কৰে ৷ জিলাখনৰ ছাতিপুৰ গাঁৱৰ হাইদৰ আলী (25) নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে সামগ্ৰীখিনি ৷
![চিৰাঙত ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত অভিযুক্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-06-chirangonearrestwithdrugs-vis-10013_12102020205522_1210f_1602516322_873.jpg)
চিৰাং জিলা সদৰ আৰক্ষী থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানটোত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাও উপস্থিত থাকে ৷ যোৱা 8 অক্টোবৰতো ছাতিপুৰ গাঁৱৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় সামগ্ৰীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷