ETV Bharat / state

বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী

চিৰাঙৰ বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী ৷ আটকাধীন যুৱকজনৰ পৰা উদ্ধাৰ হয় ৩টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,১টা মোবাইল ফোন, ২,১৬১ টকা, এখন কেচি ।

বিজনী
বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Feb 21, 2020, 5:15 AM IST

চিৰাং, 20 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীত ড্ৰাগছ ব্যৱসায়ী আটক । বিজনী শিতলা মন্দিৰৰ কাষত আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী জনক । ড্ৰাগছ ব্যৱসায়ী জন বিজনীৰ ৩নং ওৱাৰ্ডৰ সুৱল সৰকাৰৰ পুত্ৰ কালু সৰকাৰ । যুৱক জনৰ পৰা উদ্ধাৰ হয় ৩টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,১টা মোবাইল ফোন, ২,১৬১ টকা, এখন কেচি ।

বিজনী
বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত চলোৱা গোপন অভিযানকালত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বতেও আটকাধীন ড্ৰাগছ ব্যৱসায়ী কালুৰ বিৰুদ্ধে বহুতো গোচৰ দাখিল আছে বিজনী থানাত । পূৰ্বে কমপক্ষে ৫ বাৰ ৰঙা ঘৰৰ আলহি হৈছিল এই জন কালু সৰকাৰ ।

বিজনী
বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী

বিগত কিছু দিনৰ পৰা চিৰাং জিলাৰ বিজনীত ড্ৰাগছৰ ব্যৱসায় বৃদ্ধিৰ লগে লগে ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সেয়ে আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত এতিয়ালৈ বহু সংখ্যক ড্ৰাগছ ব্যৱসায়িক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

বিজনীত আটক ড্ৰাগছ ব্যৱসায়ী

আৰু পঢ়কঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.