ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া

author img

By

Published : Aug 24, 2019, 9:31 PM IST

31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই 30 গ্ৰাম হিৰ'ইন সহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়

চিৰাঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া

চিৰাং, 24 আগষ্টঃ চিৰাঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া । চিৰাঙৰ ঢালিগাঁও মেইনগেটত নামনি অসমত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ যোগান ধৰি অহা শ্বাহ দিল মহম্মদ খানক গ্ৰেপ্তাৰ । 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত গোপন তথ্যৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই 30 গ্ৰাম হিৰ'ইন সহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ AS-19K-0443 নম্বৰৰ ছুইফট গাড়ীৰে আহি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়াজনক ৷

উল্লেখ্য যে, চিৰাং আৰু বঙাইগাঁও জিলাত বিগত দুমাহত 33 জন ড্ৰাগছৰ সৈতে জড়িত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Intro:চিৰাঙত ড্ৰাগছ সহ ড্ৰাগছ মাফীয়া গ্ৰেপ্তাৰ । সমগ্ৰ নামনি অসমত ড্ৰাগছ যোগান ধৰা শ্বাহ দিল মহাম্মদ খানক গ্ৰেপ্তাৰ চিৰাঙৰ ঢালিগাঁও মেইনগেটত।

Body:চিৰাঙৰ ঢালিগাঁওত গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ অভিযান । ঢালিগাঁওৰ  মেইনগেটত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল আৰক্ষীৰ এই অভিযান । অভিযানত আৰক্ষীয়ে বুজন পৰিমানৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিৰাং আৰক্ষী । জিলাখনৰ বিজনী কাৱাটিকাৰ বাসিন্দা শ্বাহ দিল মহাম্মদ খান নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনে ড্ৰাগছ দিবলৈ এএচ ১৯কে ০৮৮৩ নম্বৰৰ ছুইফ্ট গাড়ীৰে আহি থকা অৱস্থাত ঢালিগাঁওৰ মেইনগেটত আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় । চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্ত প্ৰকাশ বৰকাকতি, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি,জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস,পানবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী, ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই যৌথ ভাৱে চলোৱা এই অভিযানত ৩০ গ্ৰাম হিৰোইন উদ্ধাৰ কৰাৰ লগতে বহু গুৰুত্বপুৰ্ণ নথিপত্ৰ জব্দ কৰে । সমগ্ৰ নামনি অসমত এইজন ড্ৰাগ মাফিয়াই ড্ৰাগছ যোগান ধৰিছিল দীৰ্ঘদিনৰ পৰা আজি চিৰাং আৰক্ষীৰ জালত পৰে । এই খিনিতে উল্লেখ কৰিব লাগিব যে এই জন ড্ৰাগ মাফিয়াই সমগ্ৰ নামনি অসমত শেষতীয়াকৈ ধ্বংশৰ মুখত ঠেলিছে যুৱ সমাজক । চিৰাং আৰু বঙাইগাঁও জিলাত যোৱা দুমাহত ৩৩ জন ড্ৰাগছৰ সৈতে জড়িত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । 

Conclusion:এইজন ড্ৰাগছ মাফীয়াক গ্ৰেপ্তাৰৰ পিচতে জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্তপ্ৰকাশ বৰকাকতি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত বিজনীৰ কাৱাটিকা স্থিত ড্ৰাগছ মাফীয়া জনৰ ঘৰত তালাচি চলায় । কাইলৈ জিলা আৰক্ষী অধিক্ষকে সংবাদ মেল যোগে বিতং তথ্য ৰাজহুৱা কৰিব বুলি জানিব দিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.