ETV Bharat / state

তৃতীয় দিনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Oct 3, 2019, 10:07 AM IST

Updated : Oct 3, 2019, 12:09 PM IST

ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰা আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলৰ সম হাৰত দৰমহা দিয়াৰ দাবীত ৰাজ্যজুৰি তিনি দিনীয়া কৰ্মবিৰতি পালন পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ৷ ১৪/১৫ বছৰৰ পৰা দিনে নিশাই কাম কৰি অত্যন্ত নিম্নতম দৰমহা লাভ কৰি আছে এই সকল কৰ্মচাৰীয়ে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ তিনি দিনীয়া কৰ্মবিৰতি

চিৰাং , 3 অক্টোবৰঃ মঙলবাৰে পুৱাৰে পৰা সমগ্ৰ অসমৰ লগতে চিৰাং জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰে ৷ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত কৰা পালন কৰা এই কৰ্মবিৰতিয়ে বুধবাৰে দুটা দিন সম্পূৰ্ণ কৰে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ তিনি দিনীয়া কৰ্মবিৰতি

ইয়াৰোপৰিও চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা দিয়া তথা নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো সা-সুবিধা দিয়াৰ দাবীত তিনি দিনৰ বাবে কৰ্মবিৰতি পালন কৰিছে ১৩৮ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ৷ উল্লেখযোগ্য যে বিগত ১৪/১৫ বছৰৰ পৰা দিনে নিশাই কাম কৰিয়ো অত্যন্ত নিম্নতম দৰমহা লাভ কৰি আছে এই সকল কৰ্মচাৰীয়ে ৷ ইপিনে কাছাৰ জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে অনুৰূপ দাবীৰে পালন কৰা কৰ্মবিৰতিয়ে আজি 3 দিন অতিক্ৰম কৰিছে ৷

লগতে পঢ়কঃ পবিতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:চিৰাঙত আজি দ্বিতীয় দিনাও অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ কৰ্মবিৰতি । 

Body: আজি ৰাতিপুৱাৰে পৰা সমগ্ৰ অসমৰ লগতে চিৰাং জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰে । এক অক্টবৰৰ পৰা আৰম্ভ কৰা এই কৰ্মবিৰতি আয়জি দ্বিতীয় দিন আৰু অহা ৩ তাৰিখলৈ চলিব এই কৰ্মবিৰতি। ঠিকাভিত্তিক এই সকল কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰন কৰা,চাকৰি নিয়মীয়াকৰন নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা দিয়া(গ্ৰেড পে/স্কেল পে) দিয়া, নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো সা-সুবিধা দিয়াৰ দাবীত এই সকল কৰ্মচাৰীয়ে কালিৰে পৰা আৰম্ভ কৰা এই কৰ্মবিৰতি আজি দ্বিতীয় দিন । তেওঁলোকে তিনিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিব বুলিও জনায় । কালি খণ্ড উন্নয়ন কাৰ্য্যালয়ত প্ৰতিবাদত বহিছিল আৰু আজি জিলা ডিআৰ ডিএ কাৰ্য্যালয়ত প্ৰতিবাদত বহে এই সকল কৰ্মচাৰীয়ে আকৌ কাইলৈ খণ্ডউন্নয়ন কাৰ্য্যালয়ত বহিব ।

বাইট দিলো ।

Conclusion:এই সকল  পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে প্ৰায় ১৪/১৫ বছৰৰ পৰা দিনে নিশাই কাম কৰিয়ো অতিকে নিম্নতম দৰমহা লাভ কৰে । সেয়ে বাধ্যত পৰি এই দৰে কৰ্মবিৰতিত বহিবলগীয়া হৈছে বুলি জনায় চিৰাঙৰ ১৩৮ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

Last Updated : Oct 3, 2019, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.