ETV Bharat / state

চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিডৰ চিকিৎসা সামগ্ৰী প্ৰদান

চিৰাং জিলা উপায়ুক্তক এল আই চিৰ তৰফৰ পৰা পিপিইকিট আৰু মাস্ক প্ৰদান কৰে । ইয়াৰ লগতে বেচৰকাৰী সংস্থা দ্যা এন্ট(The Ant)ৰ তৰফৰ পৰাও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়(Chirang DC Office)ত দহটা অক্সিজেন কনচেনট্ৰেটৰ(Oxygen Concentrator) প্ৰদান কৰা হয় ।

donation-programme-at-chirang-dc-office
চিৰাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিডৰ চিকিৎসা সামগ্ৰী প্ৰদান
author img

By

Published : Jun 8, 2021, 8:50 AM IST

চিৰাং,8 জুন: ক’ভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে চিৰাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিড সম্পৰ্কে এখন সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বঙাইগাঁৱৰ এলআইচিৰ তৰফৰ পৰা জ্যেষ্ঠ মাণ্ডলিক প্ৰৱন্ধক টি এন ভূটীয়াৰ নেতৃত্বত এটা দলে ১৫০ টা পিপিই কীট(PPE Kit) আৰু ৭৫০ খন এন ৯৫(N95 Mask) মাস্ক প্ৰদান কৰে ৷ এই অনুষ্ঠানতে জিলাখনৰ বেচৰকাৰী সংস্থা দ্যা এণ্ট(The Ant)ৰ কাৰ্যকৰী পৰিচালন সঞ্চালক প্ৰণামিকা গাৰ্গে জাৰ্মানীৰ পৰা অনা ১০ টা অক্সিজেন কনচেণ্ট্ৰেটৰ(Oxygen Concentrator) জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰদান কৰে ।

donation-programme-at-chirang-dc-office
চিৰাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিডৰ চিকিৎসা সামগ্ৰী প্ৰদান

জিলা উপায়ুক্ত গৰাকীয়ে সামগ্ৰীসমূহ গ্ৰহণ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে, "আমি সকলোৱে মিলি ক'ভিডৰ এই সংকটকালত যুঁজ দিব পাৰিম আৰু স্বাভাৱিক অৱস্থালৈ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হ’ম" ৷ ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে সভাত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ সবিশেষ সম্পৰ্কে অৱগত কৰে ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈসহ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে সংবাদ মাধ্যমৰ বহু কেইজন লোক উপস্থিত থাকে ।

লগতে পঢ়ক: 20 জুনলৈ লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত অন্ধপ্ৰদেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.