ETV Bharat / state

গঠন কৰা হ’ল গণ সুৰক্ষা পাৰ্টীৰ চিৰাং আৰু বিজনী জিলা সমিতি

"চিৰাঙত এতিয়াও উগ্ৰপন্থীৰ ভয় ভাবুকি আছে। ৰাইজে অবড়ো সুৰক্ষা সমিতিৰ সভালৈ আহিবলৈ ভয় কৰে যদিও ভোটটো অবড়ো প্ৰাৰ্থীকেই দিয়ে ৷" চিৰাঙত এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

গঠন কৰা হ’ল গণ সুৰক্ষা পাৰ্টীৰ চিৰাং আৰু বিজনী জিলা সমিতি
author img

By

Published : Nov 23, 2019, 7:24 PM IST

চিৰাং, 23 নৱেম্বৰঃ শনিবাৰে গঠন কৰা হ’ল গণ সুৰক্ষা পাৰ্টীৰ চিৰাং আৰু বিজনী জিলা সমিতি ৷ গণ সুৰক্ষা পাৰ্টীৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বাহৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্বহিদুল ইছলামক সভাপতি আৰু মনোৰঞ্জন বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ চিৰাং জিলা সমিতি গণ সুৰক্ষা পাৰ্টী গঠন কৰা হয় ৷ উক্ত সভাখনত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া ৷ সভাত ভাষণ প্ৰদান কৰি সাংসদগৰাকীয়ে কয় যে,"চিৰাঙত এতিয়াও উগ্ৰপন্থীৰ ভয় ভাবুকি আছে । ৰাইজে অবড়ো সুৰক্ষা সমিতিৰ সভালৈ আহিবলৈ ভয় কৰে যদিও ভোটটো অবড়ো প্ৰাৰ্থীকেই দিয়ে ৷" লগতে সাংসদগৰাকীয়ে ইউ টি চি গঠন কৰাৰ বিৰোধিতা কৰি কয় যে,বিটিচিত বাস কৰা অবড়ো লোকৰ সংখ্যা অধিক ৷ কিন্তু ইউ টি চিৰ গঠনৰ সময়ত অবডো় লোকৰ পৰা কোনো ধৰণৰ মতামত গ্ৰহণ কৰা হোৱা নাই লগতে অবড়ো সুৰক্ষা সমিতিকো এই ক্ষেত্ৰত উপেক্ষা কৰি কেৱল বড়ো সংগঠনৰ সৈতেহে আলোচনা কৰিছে বিটিচি প্ৰধানগৰাকীয়ে ৷

গণ সুৰক্ষা পাৰ্টীৰ চিৰাং আৰু বিজনী জিলা সমিতি গঠন

আনহাতে,ছয় জনগোষ্টীৰ জনজাতিকৰণৰো দাবী জনায় সাংসদ নৱ শৰণীয়াই ৷ লগতে এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সৈতেও আলোচনা কৰা বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে,এইবাৰ বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে নিশ্চিত ভাৱে ৩৫ খন আসন লাভ কৰিব আৰু বিটিচিৰ পৰিষদীয় চৰকাৰ গঠন কৰিব পাৰিব বুলি নিশ্চয়তা প্ৰদান কৰে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেম্ব্ৰমে ৷

Intro:চিৰাঙত সাংসদ নৱ শৰনীয়া । গণ সুৰক্ষা পাৰ্টীৰ চিৰাং আৰু বিজনী জিলা সমিতি গঠন ।

প্ৰয়োজনত আৰু ৰাইজে বিচাৰিলে বিটিচিৰ মুখ্য হোৱাত আপত্তি নাই কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ শৰনীয়াৰ ।

Body:আজি চিৰাং আৰু বিজনী জিলা সমিতি গণ সুৰক্ষা পাৰ্টী গঠন কৰে । ৰাতিপুৱা দহ বজাত চিৰাং জিলাৰ কাশিকত্ৰাত অনুষ্টিত সভাত চিৰাং জিলা সমিতি গণ সুৰক্ষা পাৰ্টী গঠন কৰে । গ্ণ সুৰক্ষা পাৰ্টীৰ সাধাৰন সম্পাদক আব্দুল বাশ্বসাৰ সভাপতিত্বত অনুষ্টিত সভাত শ্বহিদুল ইচলামক সভাপতি আৰু মনোৰঞ্জন বৰ্মনক সাধাৰন সম্পাদক হিচাবে লৈ চিৰাং জিলা সমিতি গণ সুৰক্ষা পাৰ্টী গঠন কৰে । অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ৰফিক আহমেদ,অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰম, সাধাৰন সম্পাদক মাধৱ ৰাজবংশী সহ বহু সংখ্যক লোকৰ উপস্থিতিত এই জিলা সমিতি গঠন কৰে । সভাত কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰনীয়া উপস্থিত থাকি কয় যে …চিৰাঙত এতিয়াও উগ্ৰপন্থীৰ ভয় ভাৱুকি আছে । ৰাইজে অবড়ো সুৰক্ষা সমিতিৰ সভালৈ আহোতে ভয় কৰে যদিও ভোটটো অবড়ো প্ৰাৰ্থীকেই দিয়ে বুলি কয় সাংসদ নৱ শৰনীয়াই । বি এল টিৰে আলোচনা কৰি বিটিচি কৰিলে এতিয়া এন ডি এফ বিৰে আলোচনা কৰি ইউ টিচি গঠনৰ চেষ্টা কৰিছে । বড়ো-অবড়োৰ বিভাজন তেওঁলোকেই কৰিছে । কাৰন বিএচি,বিটিচি বা যি ইউ টি চি গঠন কৰিবলৈ গৈ আছে সেয়া সকলো মাথো বড়োৰ বাবে । ইয়াত বিটিচিত ২৩ শতাংশ বড়োৰ বাবে সকলো সুবিধা আৰু ৭৩ শতাংশ অবড়ো লোকৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন কৰে । মই ইউ টি চি গঠনৰ বিৰুদ্ধে আছো আৰু থাকিমেই । কাৰন অবড়ো ৰাইজ ইয়াত অধিক । অবড়ো ৰাইজৰ মতামত লৈহে ইউ টি চি গঠন কৰে বা কি কৰে কৰক । এই ক্ষেত্ৰত অবড়ো সুৰক্ষা সমিতিকো নামাতি অন্যান্য বড়ো সংগঠনৰ সৈতেহে আলোচনা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীজনে বুলি অভিযোগ কৰে সাংসদ শৰনীয়াই । এই ক্ষেত্ৰত আমাৰ অবড়ো দল সংগঠন সমুহক নিভাজনৰ ৰাজনীতিৰে একত্ৰিত কৰিব দিয়া নাই । চৰকাৰে বিএলটি বা এন ডি এফ বিৰে আলোচনা কৰিছে কিন্ত কে এল অক আলিচনাত মতা নাই । কাৰন কোঁচ ৰাজবংশী সকলৰ ৰাজ্য।কমতাপুৰত বিটিচি,ইউটিচি বা বড়োলেণ্ড গঠনৰ কুচকাৱাজ কৰি আছে কিন্ত ষৰযন্ত্ৰ মুলক ভাৱে কোঁচৰাজবংশী দল সংগঠন বা কে এল অৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰা নাই । যদি এন ডি এফ বি (ছা)ৰ গোটক যদি মাতিব পাৰিছে তেন্তে কে এল অ আৰু পৰেশ বৰুৱা নেতৃত্বাধীন আলফাকো মতাৰ পোষকতা কৰি কয় যে সকলো উগ্ৰোন্থি সমস্যা আলোচনাৰে সমাধানৰ চেষ্টা কৰিব লাগে । নাগৰিকত্ব সংশোধনি বিধেয়ক লৈ আৰু এন আৰ চি লৈ বিজেপিয়ে ৰাজনীতি কৰি আছে কাৰন সন্মুখত পশ্চিম বঙ্গৰ নিৰ্ব্বাচন আছে । কেবৰ বিষয়টো বিতং ৰাজহুৱা কৰিলেহে ৰাইজে এই বিষয়ে সিদ্ধান্ত লব ভাল হব নে বেয়া । যিহেতু বিষয়টো সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট নীতি হোৱা নাই । একেদৰেই ছয় জনগোষ্টীৰ জনজাতীকৰনৰ দাবী জনাই কয় যে দীৰ্ঘদিনীয়া এই সমস্যাটো সোনকালে নিষ্পত্তি হব লাগে । কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সৈতেও আমি এই বিষয়ে আলোচনা কৰিছো হয়তো শীতকালিন অধিৱেশনতে এয়া হৈ যাব পাৰে । কিন্ত আমি ললিপোপ নিবিচাৰো সঠিকভাৱে এই বিষয়টো সমাধান কৰিব লাগে । অসম চুক্তি মতে এন আৰ চি প্ৰক্ৰীয়া শেষ কৰাৰ পিচত হে অইন প্ৰক্ৰীয়া আৰম্ভ কৰিব লাগে । অৱশ্যে বহু লোকেই ১৯৫১ চন মতে হোৱাটো বিচাৰে । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহক বিশ্বাস আৰু আস্থাত লৈ কাম কৰিব লাগে । কেব লৈ টিভি চেনেলত মাৰপিট হোৱাটো অতিকে দুৰ্ভাগ্যজনক বুলি দাবী কৰে সাংসদ জনে । ৰাইজে বিচাৰিলে বিটিচিত আমাৰ সংখ্যাগৰিষ্ট হলে বিটিচিৰ মুখ্য হোৱাত আপত্তি নাই নৱ কুমাৰ শৰনীয়াৰ এই দৰে আজি স্পষ্ট কৰি দিয়ে ।

বাইট : নৱ কুমাৰ শৰনীয়া,সাংসদ কোকৰাঝাৰ ।

Conclusion:এইবাৰ বিটিচি নিৰ্ব্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে নিশ্চিত ভাৱে ৩৫ খন আসন লাভ কৰিব আৰু বিটিচিৰ পৰিষদীয় চৰকাৰ গঠন কৰিব পাৰিব বুলি নিশ্চয়তা দিয়ে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেম্ব্ৰমে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.