চিৰাং,11 জুন: চিৰাঙৰ বিজনীৰ সমীপৰ বাঘমাৰাত দুদিন পূৰ্বে সন্ধানহীন হৈছিল এটি চাৰিবছৰীয়া কন্যা শিশু ৷ মোমায়েকৰ ঘৰৰ চৌহদত মঙলবাৰে অইন শিশুৰ সৈতে খেলি থকা অৱস্থাত সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছে বিজনীৰ দোলানি নদীৰ পাৰত ৷ মৃত শিশুটি বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ বাসবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ইতিমধ্যে শিশুটিৰ নিৰুদ্দেশৰ বিষয়ে বিজনী আৰক্ষী থানাত পৰিয়ালবৰ্গই ৰুজু কৰিছিল গোচৰ ৷ বৃহস্পতিবাৰে পুৱা অঞ্চলবাসীয়ে নৈৰ পাৰত উলংগ অৱস্থাত শিশুটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ মোমায়েকৰ ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দুৰত্বত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খবৰ দিয়ে বিজনী আৰক্ষীক ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও এইপৰ্যন্ত লাভ কৰা নাই কোনো তথ্য ৷ বিগত প্ৰায় তিনিমাহৰ ভিতৰত চিৰাঙত এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখন অপৰাধীৰ ৰম্যভূমিলৈ ৰূপান্তৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷
লগতে চাওকঃ ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক