চিৰাং,14 এপ্ৰিল: চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰত বুধবাৰে যুৱকৰ মৃতদেহ উদ্ধাৰ । জংঘলত চীপ লোৱা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ ৷ চিৰাঙৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টুক্ৰাঝাৰ গাঁৱৰ জংঘলত পুৱা ৯ বজাত এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷
যুৱকজনক কোনো দুষ্টচক্ৰই হত্যা কৰি গছত ওলোমাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে বেংতল আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ উল্লেখযোগ্য যে, যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি