চিৰাং, 30 মাৰ্চঃসমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ শনিবাৰে সন্ধিয়া চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকাই বিজনী চহৰৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ অংশগ্ৰহণ কৰে এক দলীয় সভাত ৷ দলীয় সভাত অংশগ্ৰহণ কৰিয়েই বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
চিৰাঙৰ বিজনীত উপস্থিত চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা - লোকসভা নিৰ্বাচন
বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ কোকৰাঝাৰৰ প্ৰাৰ্থী বিৰাজ ডেকা
![চিৰাঙৰ বিজনীত উপস্থিত চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2847808-711-d5d67a2c-634d-4792-8be6-1e53ea043813.jpg?imwidth=3840)
কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা
চিৰাং, 30 মাৰ্চঃসমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ শনিবাৰে সন্ধিয়া চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকাই বিজনী চহৰৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ অংশগ্ৰহণ কৰে এক দলীয় সভাত ৷ দলীয় সভাত অংশগ্ৰহণ কৰিয়েই বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা
কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা
ফটো
On Sat, Mar 30, 2019, 9:46 AM ABDUL MALEQUE AHMED <abdul.mallek@etvbharat.com> wrote:
Slug : A_Chirang_30th Mar_806 to 808_Chirang CPIM kokrajher most young candidate_vis & byte_Abdul Maleque Ahmed.Send by FTP.চিৰাঙৰ বিজনীত দলীয় সভাত চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা ।সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পাইছে ৷ পাঁচ নম্বৰ কোকৰাঝাৰ লোক সভা সমষ্টিৰ চি পি আই (এম )ৰ প্ৰাৰ্থী বিৰাজ ডেকাই আজি সন্ধিয়া বিজনী চহৰৰ দলৰ কাৰ্যালয়ত উপস্থিত হয় ৷ এই উপলক্ষে চি পি অাই(এম)ৰ বঙাইগাঁও- চিৰাং জিলা কমিটীৰ সাধাৰণ সম্পাদক পৰিমল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মী সভাত দলৰ ৰাজ্যিক সদস্য গজেন্দ্ৰ বৰ্মণে উদ্দেশ্য বাখ্যা কৰি এইবাৰ দলৰ পৰা কোকৰাঝাৰ আৰু লখিমপুৰ লোকসভাদ সমষ্টিত দলীয় প্ৰাৰ্থী থিয় কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ সভাত দলৰ ৰাজ্যিক সম্পাদক নয়ন ভূঞাই কয় যে, কেন্দ্ৰত এন ডি এ চৰকাৰ খনক ক্ষমতাৰ পৰা অপসাৰণৰ বাবে ৰাইজক অাহ্বান জনোৱা, সদনত বামপন্থী সদস্য বৃদ্ধি কৰি শ্ৰমিক, কৃষক, শ্ৰমজীৱী জনগণ, মধ্যবিত্ত, মহিলা সকলোৰে গণতান্ত্ৰিক আন্দোলন সম্প্ৰসাৰিত কৰা আৰু কেন্দ্ৰত এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত দলে প্ৰাৰ্থী থিয কৰািছে ৷ উচ্চ শিক্ষিত, কবি- সাহিত্যিক, ছাত্ৰ নেতা ২৬ বছৰীয়া দেশৰ সৰ্ব কনিষ্ঠ দলৰ প্ৰাৰ্থী বিৰাজ ডেকাক ৰাইজক জয়ী কৰিবলৈ আহ্বান জনায় ৷কোকৰাঝাৰ লোক সভা সমষ্টিৰ চি পি অাই(এম) ৰ প্ৰাৰ্থী বিৰাজ ডেকাই কেন্দ্ৰত বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা যুৱক সকলৰ সমস্যা সমাধান কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব প্ৰদানৰ কথা ব্যক্ত কৰে ৷ উন্নয়নৰ দিশত কোকৰাঝাৰ লোকসভা সমষ্টি পিছপৰা বুলি উল্লেখ কৰি বৰ্তমানৰসাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত উন্নয়নৰ কাম নকৰিলে বুলি উল্লেখ কৰে ৷বাইট : বিৰাজ ডেকা, প্ৰাৰ্থী ।চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।