চিৰাং, 19 নৱেম্বৰঃ চিৰাঙৰ চিদলীত অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন জব্দ ৷ EUP51AT8229 নম্বৰৰ বাহনখন উত্তৰ প্ৰদেশৰ পৰা শ্ৰীৰামপুৰ হৈ চিদলীৰ ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থাকোতে সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে বাহনখন জব্দ কৰে ৷ বাহনখনে অবৈধভাৱে কঢ়িয়াই আনিছিল 32টাকৈ গৰু ৷ গৰুকেইটা জব্দ কৰি আৰক্ষীয়ে সম্প্ৰতি চিৰাঙৰ খাগ্ৰাবাৰীত থকা পতঞ্জলিৰ গো-শালাত ৰখাৰ ব্যৱস্থা কৰিছে ৷
আনহাতে, অবৈধ ভাৱে কঢ়িয়াই অনা গৰুসমূহৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চিদলী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২৯ ধাৰা আৰু ১৯৬০ চনৰ এনিমেল ক্ৰুৱেল্টী এক্ট প্ৰতিৰোধী আইনৰ ১১ (এ)(ডি) ধাৰা মতে ৫৮/১৯ নং গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ কিন্তু এইপৰ্যন্ত অনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷