চিৰাঙ,৮ জানুৱাৰী : অসমৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ক'ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন । চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি চিকিৎসালয়,কাশীকোট্ৰা আদৰ্শ চিকিৎসালয় আৰু ব্যাক্তিগত খণ্ডৰ চেন্ট আগষ্টাইন চিকিৎসালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় ক'ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন । তিনিটা স্থানত চলোৱা অনুশীলনত চিকিৎসক,চিকিৎসাকৰ্মী সকলে অংশ গ্ৰহণ কৰে । প্ৰতিটো স্থানৰ ২৫ গৰাকীকৈ মুঠ ৭৫ জনক প্ৰদান কৰা হয় প্ৰতিষেধক ।
![চিৰাঙত কৰ'ণা টীকাকৰণৰ অনুশীলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-05-chirangcovid-19vaccinetestdrive-vis-10012_08012021182908_0801f_1610110748_406.jpg)
চিৰাং জিলা টাস্ক ফৰ্চৰ বৃহস্পতিবাৰে বহা সভাত লোৱা সিদ্ধান্ত অনুসৰি আজি ক'ভিভ প্ৰটকল মানি জিলাখনৰ তিনিখন চিকিৎসালয়ত ৰূপায়ণ কৰা হয় প্ৰতিষেধক প্ৰদানৰ অনুশীলন। এই কাৰ্যসূচী ৰূপায়ণত বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়োজিত বিষয়া ডাঃ হীৰেণ গগৈ,চিৰাং জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ,জিলা ভেকচিনেচন বিষয়া সনাতন দাসসহ অন্যান্য স্বাস্থ্য বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : অসমৰ জাতীয়তাবাদ আজি সংকটৰ গৰাহত : লুৰীণ