চিৰাং , 14 মে' : কোটি টকীয়া দুৰ্নীতি সংঘটিত হৈছে চিৰাং জিলাৰ ইন্দিৰা আৱাস যোজনাৰ (আই এ ৱাই)গৃহ নিৰ্মাণত । এই আঁচনি বৰ্তমান নাই যদিও শেহতীয়াকৈ পোহৰলৈ আহিছে আঁচনি খনৰ দুৰ্নীতিৰ তথ্য ৷ 2013-14 চনৰ আঁচনিত চিৰাং জিলাৰ ভিৰাণ গাঁও ভিচিডিচি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ দৰিদ্ৰ লোকৰ নামত আৱন্টিত গৃহৰ ধন আত্মসাতৰ অভিযোগ উঠিছে ভিচিডিচিৰ সভাপতিৰ বিৰুদ্ধে ৷
অভিযোগ অনুসৰি সেই সময়ত ভিৰান গাঁও ভিচিডিচিৰ সভাপতি দাহাল বসুমতাৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে আই এ ৱাই গৃহ আৱণ্টন কৰোৱাৰ নামত সৰকাইছিল বৃহৎ ধনৰাশি। আমগুৰি গাঁৱৰ ধনঞ্জয় বসুমতাৰীৰ নামত অহা এটি গৃহ একেখন গাঁৱৰে ভিচিডিচিৰ সদস্য সঞ্জীৱ বসুমতাৰীৰ ফটো ব্যৱহাৰ কৰি আই এ ৱাইৰ বাসগৃহৰ নামত আৱণ্টন কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
তথ্যজনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত স্পষ্টভাৱে উল্লেখ আছে যে এই ভুৱা ঘৰ বনোৱাৰ বিতং তথ্যত চিদলী উন্নয়ন খণ্ডৰ এম আৰ চৌধুৰী নামৰ অভিযন্তা জনে পৰিদৰ্শন কৰাৰ তথ্যও আছে । কিন্ত বাস্তৱত সকলো ভুৱাহে আছিল । চৰকাৰী বাসগৃহৰ প্ৰকৃত হিতাধিকাৰীয়ে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷
অধিবক্তা এজনৰ উপদেশ মতে বিগত 2018 চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ অভিযোগ দাখিল কৰাৰ পাচত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য সচিবলৈ উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে । তদন্তৰ প্ৰতিবেদন বিচাৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হেঁচাত তদন্ত চলি থকাৰ সময়তে 7/8 বছৰৰ অন্তত সোমবাৰে তেতিয়াৰ ভিচিডিচিৰ সভাপতি দাহাল বসুমতাৰীয়ে বলপূৰ্বক গৃহ নিৰ্মাণ কৰাৰ বাবে শিল বালি পেলাইছে । এই ধৰণেই বান্ধৱগুৰি গাঁৱৰ হালিমা খাতুন,বগৰিগাৰা গাঁওৰ সাহামত আলী এই তিনিওজন লোকেই যৌথভাৱে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল । ইয়াৰোপৰি সমগ্ৰ এলেকাটোত এই ধৰণৰ প্ৰায় 40 টা আই এ ৱাই গৃহ নিৰ্মাণত দুৰ্নীতি হোৱা বুলিও জানিব পৰা গৈছে ।
বিটিচিৰ পৰিষদীয় কাজলগাঁও সমষ্টিৰ এম চি এল এ তথা ইউ পি পি এল দলৰ কেন্দ্ৰীয় উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়েও বিটিচিত বিগত সময়চোৱাত সংঘটিত হোৱা দুৰ্নীতিৰ বিষয়ে মন্তব্য কৰে ৷