চিৰাং,19 নৱেম্বৰ: বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীৰ বাতাবাৰীত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । বাতাবাৰীৰ দলঙৰ ওচৰৰ পথৰ দাতিত উদ্ধাৰ হয় মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো গাৰোগাঁৱৰ স্বৰ্গীয় লংকেশ্বৰ বসুমতাৰীৰ পুত্ৰ বিৰদাও বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পৰিয়ালৰ লোকে জনায় যে,তিনিজন বন্ধুৰ সৈতে আজি পুৱাই ঘৰৰ পৰা ওলাই গৈছিল বিৰদাউ বসুমতাৰী নামৰ যুৱকজন । তাৰ পাচৰ পৰাই সন্ধানহীন হয় যুৱকজন ৷

বৰ্তমানলৈকে এইয়া পৰিকল্পিত হত্যা নে স্বাভাৱিক মৃত্যু সেয়া জানিব পৰা হোৱা নাই ৷ একাংশ লোকৰ মন্তব্য অনুসৰি,বন্ধুকেইজনে হত্যা কৰিছে বিৰদাও বসুমতাৰীক ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে: নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল