ETV Bharat / state

চিৰাঙত প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা নকৰাত ৰাইজৰ উদ্বেগ প্ৰকাশ - চিৰাঙ

চিৰাঙৰ ক'ভিড আক্ৰান্তৰ সংখ্যা 100 অতিক্ৰম কৰাৰ পিছতো প্ৰশাসনৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ ঘোষণা নকৰাত শিক্ষক সমাজৰ লগতে অভিভাৱক সকলৰ উদ্বেগ প্ৰকাশ ।

চিৰাঙত প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা নকৰাত ৰাইজৰ উদ্বেগ প্ৰকাশ

author img

By

Published : May 5, 2021, 10:02 AM IST

চিৰাঙ, 5 মে’ : বিগত কিছুদিন ধৰি ৰাজ্যখনত উদ্বেগজনক ভাৱে কৰ’ণা ভাইৰাছৰ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ এছঅ’পি জাৰি কৰিছিল । নতুন নিয়ম অনুসৰি যদি কোনো জিলাত সক্ৰিয় ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা এশৰ ঘৰ অতিক্ৰম কৰে তেন্তে সেইখন জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ’ব ।

চিৰাঙত প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা নকৰাত ৰাইজৰ উদ্বেগ প্ৰকাশ

কিন্তু যোৱা তিনিদিন ধৰি চিৰাং জিলাত ক'ভিড আক্ৰান্ত ৰোগী এশৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতি-নিৰ্দেশনা জাৰি নকৰাৰ ফলত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল বিমোৰত পৰা পৰিলক্ষিত হয় । কিয়নো ৰাজ্যৰ অন্যান্য জিলাত যদি সক্ৰিয় ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা এশৰ অতিক্ৰম কৰিলে প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে তেনে ক্ষেত্ৰত চিৰাং জিলা প্ৰশাসনৰ পৰা এতিয়ালৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱক সকলে ।

উল্লেখ্য যে, জিলাখনত মঙলবাৰ দিনটোত নতুনকৈ ৩৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ জিলা খনত মুঠ সক্ৰিয় ক'ভিড আক্ৰান্ত 150 গৰাকীলৈ বৃদ্ধি । জিলাখনৰ অন্যতম ব্যৱসায়ীক চহৰ বাসুগাঁৱত উদ্বেগজনকভাৱে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ।

আনহাতে, মঙলবাৰ দিনটোত বাসুগাঁও চহৰত চাৰিজন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । জানিব পৰা মতে, ইয়াৰে দুজন বাসুগাঁৱৰ বন্ধন বেঙ্কৰ কৰ্মচাৰী, এজন ৰেল বিভাগৰ কৰ্মচাৰী, আন এজন ৰামকৃষ্ণ পথৰ ব্যৱসায়ী । জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি ৰোগী চাৰিজনক হোম কোৱাৰেন্টাইনত ৰখা হৈছে ৷

লগতে পঢ়ক : ওড়িশাৰ কলেজ-বিশ্ববিদ্যালয়ত গ্ৰীষ্ম বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.