বিজনী, 3 জুনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামৰ বিদেশী ন্যায়াধীকৰণে ৰাজ্যত সাধাৰণ জনতাৰ ওপৰত অব্যাহত ৰাখিছে নিৰ্যাতন ৷ একেই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনী মহকুমাৰ এক নম্বৰ বিষ্ণুপুৰ গাঁৱত ৷ গাঁৱখনৰ প্ৰয়াত ৰমাকান্ত মণ্ডলৰ পত্নী মধুবালা মণ্ডল (৫৯)ক বিগত এমাহ পূৰ্বেই বিদেশী ন্যায়াধীকৰণে কোকৰাঝাৰস্থিত শৰণাৰ্থী শিৱিৰলৈ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, গাঁৱখনৰ মাখন দাস নামৰ লোকজনৰ পত্নী মধুবালা দাস নামৰ মহিলাগৰাকীৰ পৰিৱৰ্তে মধুবালা মণ্ডলক এইদৰে জাননী জাৰী কৰিছে ন্যায়াধীকৰণে ৷ কেবাবছৰ পূৰ্বে মৃত্যু ঘটা মাখন দাস আৰু মধুবালা দাসৰ পৰিৱৰ্তে এইদৰে জীৱিত তথা উপযুক্ত প্ৰমাণ-পত্ৰ থকাৰ পিচটো এইদৰে শৰণাৰ্থী শিৱিৰলৈ প্ৰেৰণ কৰাক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
অধিক পঢ়কঃ সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত অবস্থান ধৰ্মঘট
আনহাতে এই ঘটনাৰ পিচতে মধুবালা মণ্ডলৰ একমাত্ৰ কন্যা তথা মুকবধিৰ ফুলমালা মণ্ডল নিঠৰুৱা হৈ পৰিছে ৷ সম্প্ৰতি মধুবালা মণ্ডলৰ পিতৃ নেপাল মণ্ডলৰ গৃহত আশ্ৰয় লৈ আছে ফুলবালা মণ্ডল ৷ ঘটনা সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিত ৰায়, অসম সাহিত্য সভাৰ বিজনী শাখাৰ সভাপতি হৰিলাল বায়ন, সদৌ বিটিচি যুৱ- ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলাৰ সম্পাদক ৰাহুল ঘোষ, আক্ৰাছুৰ বিজনী মহকুমাৰ সাধাৰণ সম্পাদক জগন্নাথ বৰ্মনে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ লগতে মধুবালা মণ্ডলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে ৷