ETV Bharat / state

সুৰাপায়ী যুৱকৰ প্ৰহাৰত মহিলাৰ মৃত্যু, আহত স্বামী - Chirang district

বুধবাৰে নিশা চিৰাঙৰ ৰুণীখাতা মধ‍্যম দক্ষিণ গাঁৱত এগৰাকী মহিলাক হত‍্যা কৰে পা‍ঁচ যুৱকে । জানিব পৰা মতে, সাধাৰণ ঘটনা এটাক লৈ সংঘটিত হয় এই হত‍্যাকাণ্ড । নিহত মহিলা গৰাকী সম্বাৰু কুষ্মাৰ পত্নি কান্দেৰী কুষ্মা বুলি জানিব পৰা গৈছে ।

Chirang Woman murder, 5 arrested
Chirang Woman murder, 5 arrested
author img

By

Published : Jun 25, 2020, 10:59 PM IST

চিৰাঙ, ২৫ জুন : বুধবাৰে নিশা চিৰাঙৰ ৰুণীখাতা মধ‍্যম দক্ষিণ গাঁৱত এগৰাকী মহিলাক হত‍্যা কৰিলে পা‍ঁচ যুৱকে । জানিব পৰা মতে, সাধাৰণ ঘটনা এটাক লৈ সংঘটিত হয় এই হত‍্যাকাণ্ড । নিহত মহিলা গৰাকী সম্বাৰু কুষ্মাৰ পত্নি কান্দেৰী কুষ্মা বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰত প্ৰকাশ কৰা অনুসৰি, স্থানীয় সুৰাপায়ী যুৱক সকলক মাজে সময়ে নিহত মহিলা গৰাকী আৰু তাইৰ স্বামীয়ে গালি-গালাজ পাৰিছিল । ইয়াৰোপৰি বিক্ৰম টিক্কাই কান্দেৰী কুষ্মাৰ পৰা পাঁচ হাজাৰ টকা কিছুদিন পূৰ্বে ধাৰলৈ লৈছিল যদিও সেই টকা ঘূৰাই দিয়া নাছিল ।

যোৱা নিশা উক্ত টকা ঘূৰাই বিচৰাত দুয়োৰে মাজত কথা কটাকটি হৈছিল। বিক্ৰম টিক্কা নামৰ যুৱক জনৰ সৈতে আৰু চাৰিজন যুৱকো আছিল বুলি আৰক্ষীয়ে জনায়। লগতে, আটাইকেইজন যুৱকে মদ‍্যপান কৰা অৱস্থাত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। তাৰ পিচতে পাঁচজন যুৱকে স্বামী-স্ত্ৰী দুয়ো জনকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ পিচত কান্দেৰী কুষ্মা নামৰ মহিলাজনীৰ মৃত‍্যু হয় আৰু মৃত মহিলাগৰাকীক ঘৰত সুমুৱাই থৈ যুৱক কেইজনে পলায়ন কৰে । লগতে, নিহত মহিলা গৰাকীৰ স্বামী সম্বাৰু কুষ্মা গুৰুতৰ ভাৱে আহত হয়।

বৃহস্পতিবাৰে ৰাতিপুৱা ঘটনাটো পোহৰলৈ অহাত ৰুণীখাতা থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁও লৈ প্ৰেৰণ কৰাৰ আহত স্বামী সম্বাৰু কুষ্মাক জে এচ বি অসামৰিক চিকিৎসালয়ত চিকিৎসা ভৰ্তি কৰে । লগতে, আৰক্ষীয়ে এই সন্দৰ্ভত ৰুণীখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৬/৩০২/৩৪ অনুচ্ছেদৰ ধাৰা অনুসৰি ৪২/২০২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰে । তাৰ পিচত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিৰ নেতৃত্বত ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম আৰু ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰণ ৰাভাই অভিযান চলাই হত‍্যাকাণ্ডত জড়িত পাঁচ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা পাঁচজন ক্ৰমে বিক্ৰম টিক্কা, বিক্ৰম জাছো, প্ৰদিপ লাক্ৰা,হেমন্ত মিঞ্জ আৰু সুনিল কুজুৰক বুলি আৰক্ষীয়ে সদৰি কৰিছে।

গ্ৰেপ্তাৰ কৰা আটাইকে বৰ্তমান ৰুণীখাতা থানাত ৰাখিছে আৰু কাইলৈ আদালতত হাজিৰ কৰিব বুলি ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মই জানিব দিয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.