ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ - ETV BHARAT ASSAM

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰা গাঁৱত নিশা বন্যহস্তিৰ তাণ্ডৱ ।

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ
author img

By

Published : Jun 18, 2019, 1:43 AM IST

চিৰাং, 18 জুনঃ ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰা গাঁৱত বন্যহস্তিৰ তাণ্ডৱলীলা ৷ দুটা বন্যহস্তিয়ে নিশা তাণ্ডৱ চলালে গাঁওখনৰ দৰিদ্ৰ তথা কোনোমতে দিন হাজিৰা কৰি চলা শ্ৰমিক সম্বাৰু ৰায়ৰ ঘৰত । কথমপি প্ৰাণৰক্ষা পৰে ঘৰত থকা লোক কেইজনৰ । বাসগৃহ ভাঙী দিয়াৰ লগতে ঘৰৰ সামগ্ৰীয়ো নষ্ট কৰাৰ ওপৰি বাৰীৰ বহু গছ-গছনিয়ো ধ্বংস কৰে হাতী কেইটাই । প্ৰায়ে অঞ্চলটোত ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তিয়ে তাণ্ডৱ চলায় অঞ্চলটোত ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ

দীৰ্ঘদিনৰ পৰাই বন্যহস্তিৰ তাণ্ডৱৰ পৰা গাঁওবাসীক ৰক্ষাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আছে৷ নিশা বন্যহস্তিয়ে তাণ্ডৱ চলোৱাৰ কথা বন বিভাগক জনোৱাৰ পিচতো বন বিভাগৰ কোনো এজন লোকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে দেউশ্ৰীৰ স্থানীয় ৰাইজে ৷

Slug : As_chg_17th_jun_807_Chirang_wild_elephant_destroy_house_viz_&_byt_Abdul_Maleque_Ahmed. 

Viz Send by ftp ( wrap ত অসুবিধা পাই দিলো)

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰী ব্ৰহ্মপাৰাত বন্যহস্থিৰ তাণ্ডৱ । ভাঙি লণ্ড ভণ্ড কৰিলে গঁঞাৰ । 

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰা গাঁওত নিশা বন্য হস্থিৰ তাণ্ডৱ । যোৱা নিশা  দুটা বন্য হস্থিয়ে আহি তাণ্ডৱ চলালে গাঁওখনৰ দৰিদ্ৰ তথা কোনোমতে দিন হাজিৰা কৰি চলা শ্ৰমিক সম্বাৰু ৰায়ৰ ঘৰত । কথমপি ৰক্ষা ঘৰত থকা লোক সকলৰ । ঘৰখন ভাঙী দিয়াৰ লগতে ঘৰৰ সামগ্ৰীয়ো নষ্ট কৰে লগতে বাৰীত থকা গছ-গছনিয়ো ধ্বংশ কৰে। প্ৰায়ে অঞ্চলটোত ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্থিয়ে তাণ্ডৱ চলায় অঞ্চলটোত । বন্য হস্থিৰ এনে ধৰনৰ তাণ্ডৱৰ পৰা গাঁওবাসীক ৰক্ষাৰ বাবে বন বিভাগে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থপন হৈছে দীৰ্ঘ দিনৰ পৰাই । নিশা বন্য হস্থিয়ে আহি তাণ্ডৱ চলালে বন বিভাগক জনোৱাৰ পিচতো বন বিভাগৰ লোকে আগুৱাই নোযোৱাৰ অভিযোগ কৰে দেউশ্ৰীৰ লোকে।

বাইট : সম্বাৰু ৰায়,ঘৰৰ মালিক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.