ETV Bharat / state

অমিত শ্বাহে ক‘ত গ্ৰহণ কৰিব আহাৰ !

author img

By

Published : Feb 11, 2021, 12:00 PM IST

চিৰাঙৰ ছাতিপুৰ গাঁৱৰ অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে এতিয়া এখন বৈঠকত ভাগ ল'ব ৷ ইয়াৰ পাচতে মহাৰাজৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কোচবিহাৰলৈ যাত্ৰা কৰিব ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'ত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ ?

চিৰাং,11ফেব্ৰুৱাৰী: চিৰাঙত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । চিৰাঙৰ ছাতিপুৰ গাঁৱৰ অনন্ত ৰায় মহাৰাজৰ বাসগৃহত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে । গৃহমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিৎ দাস আৰু বিজেপি সাংসদ নিশিথ পৰামানিক । পুৱা ১০.৩০ বজাত চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইয়াৰ পাচতে এখন বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰী গৰাকী ৷ এই বৈঠকত উপস্থিত থাকিব অনন্ত মহাৰাজৰ লগতে সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদিকা নমিতা বৰ্মন ৷

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ পত্নীয়ে নিজ হাতেৰে বনোৱা খাদ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে গৃহমন্ত্ৰী গৰাকীয়ে ব্ৰেকফ্ৰাষ্ট এখন অতি সাধাৰণ পৰিয়ালত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, গৃহমন্ত্ৰী গৰাকীয়ে চিৰাঙত বৈঠক আৰু আহাৰ গ্ৰহণ কৰাৰ পাচত কোচবিহাৰলৈ ৰাওনা হ'ব ৷ কোচবিহাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: অখিল গগৈৰ জামিন আবেদন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.