চিৰাং, 25 ফেব্ৰুৱাৰী: অসম চিশতীয়া সংসদৰ উদ্যোগত চিৰাঙৰ বিলাসপুৰত অনুষ্ঠিত হৈছে 45 তম বাৰ্ষিক উৰছ উৎসৱ ৷ পূৱ বিলাসীপাৰা মানছুৰীয়া খানকাহ শ্বৰীফত অনুষ্ঠিত 45 সংখ্যক উৰছৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য শিবিৰ, চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ৷
পুৱা কোৰাণ পাঠ অনুষ্ঠিত হোৱাৰ পাছত চিৰাঙৰ সহকাৰী আয়ুক্ত প্ৰীতিশা দত্তই পতাকা উত্তোলন কৰে ৷ ইয়াৰ পাছতে আঞ্জুমানৰ পতাকা উত্তোলনৰ পাছত সহকাৰী আয়ুক্তই বিনামূলীয়া চকু চিকিৎসা আৰু স্বাস্থ্য শিবিৰ উদ্বোধন কৰি দৰিদ্ৰ লোকসকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে ৷ উল্লেখ্য যে, অসম চিশতীয়া সংসদে প্ৰতিবছৰে উৰছৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰকে আদি কৰি বিভিন্ন ধৰণৰ সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

মানৱ সেৱাই ধৰ্ম বুলি মন্তব্য কৰি অসম চিশতীয়া সংসদৰ সভাপতি আব্দুছ ছাত্তাৰ আহমেদে কয় যে, স্বদেশ প্ৰেম আৰু মানৱ সেৱাক সৰোগত কৰি যুৱ প্ৰজন্মক দেশৰ একো একোজন সু নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে সংস্থাই কাম কৰি যাব ৷ বিশ্ব শান্তিৰ বাবেও প্ৰাৰ্থনা অনুষ্ঠিত হোৱা উৰছ উৎসৱত জাতি ধৰ্ম নিৰ্বিশেষে বুদ্ধিজীৱী, চিন্তাবিদ, সমাজকৰ্মীসকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা