ETV Bharat / state

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰমোদ বড়ো

author img

By

Published : Mar 27, 2021, 7:30 PM IST

চিৰাঙৰ আমটেকাত ইউপিপিএলৰ ৩১ নং চিদলী জনজাতীয় সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰমোদ বড়ো
চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰমোদ বড়ো

চিৰাং,27 মাৰ্চ: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকাত ইউপিপিএলৰ বিশাল জনসভা । জিলাখনৰ ৩১ নং চিদলী জনজাতীয় বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

প্ৰমোদ বড়োৱে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে, বিগত সময়ত বিপিএফ দলে যি দুৰ্নীতি-অপশাসন কৰিলে সেয়া এতিয়া নচলিব । হাগ্ৰামা মহিলাৰীয়ে কয় সময় অপদাৰ্থ হাগ্ৰামা মহিলাৰীয়ে দুহেজাৰ কোটিতকৈও অধিক টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ তোলে । এতিয়া হাগ্ৰামাই ক’তো ঠাই নাপাই মহাজোঁটৰ আশ্ৰয় লৈছে বুলি কয় প্ৰমোদ বড়োৱে ।

উল্লেখযোগ্য যে, সভাত বিটিচি কংগ্ৰেছৰ সমন্বয়ক তথা মুখপাত্ৰ জমশ্বেৰ আলীৰ লগতে ৪৫ গৰাকী লোকে ইউপিপিএল দলত যোগদান কৰে । বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱালৰ লগতে বিটিআৰৰ মনোনিত সদস্য মাধৱ ছেত্ৰীসহ দলটোৰ কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।

লগতে পঢ়কঃ ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.