ETV Bharat / state

বিজনীত ইউপিপিএলৰ কাৰ্যালয়ত দলীয় যোগদান সভা

author img

By

Published : Aug 23, 2020, 9:32 PM IST

দেওবাৰে চিৰাং জিলাৰ বিজনীত ইউপিপিএলৰ কাৰ্যালয়ত অনুস্থিত হয় দলীয় যোগদান সভা ৷ উক্ত সভাত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-স‌ংগঠনৰ প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে ইউপিপিএলত যোগদান কৰে ৷

Chirang UPPL mass joining RTU
বিজনীত ইউপিপিএলৰ কাৰ্যালয়ত দলীয় যোগদান সভা

চিৰাং, 23 আগষ্টঃ কৰ’ণা মহামাৰীৰ মাজতে বড়োভূমিত আৰম্ভ হৈছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ ৷ সকলো দল সংগঠনেই বিটিচিক নিজৰ শাসনলৈ অনাৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি ৷ দেওবাৰে চিৰাং জিলাৰ বিজনীত ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলীয় যোগদান সভা ৷ উক্ত সভাত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-স‌ংগঠনৰ প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে ইউপিপিএলত যোগদান কৰে ৷ স্থানীয় নেতা অলকেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান সভাত উপস্থিত থাকে ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰী,১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙ্গা, ১৭ নং সুবাইঝাৰ সমষ্টিৰ প্ৰাৰ্থী গুনেশ্বৰ গয়াৰী,১৮ নং মানাস সেৰফাং সমষ্টিৰ প্ৰাৰ্থী সুৰেশ দৈমাৰী,১৯ নং থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী আবু ছায়েদ আনছাৰী সহ দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতা ৷

Chirang UPPL mass joining RTU
ইউপিপিএলৰ দলীয় যোগদান সভা

উল্লেখ্য যে, দেওবাৰৰ এই সভাত তিনিওটা পৰিষদীয় সমষ্টিৰ প্ৰায় পাঁচ শতাধিক বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সদস্য আৰু প্ৰাক্তন বি টিএফ ৰ পৰা ১৭ জন লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে ৷ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সদস্য চিন্ময় সৰকাৰ আৰু বিজনী আঞ্চলিক সভাপতি উত্তম ভৌমিকৰ নেতৃত্বত লোকসকলে ইউপিপিএলত যোগদান কৰে ৷ আনহাতে, সভাত উপস্থিত হৈ আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলে পৰিষদ গঠন কৰিব বুলি কয় ইউপিপিএলৰ উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷ তেখেতে আৰু কয় যে, বিগত 17 বছৰৰ শাসনকালত বিপিএফে বিটিচিত কোনো ধৰণৰ উন্নয়নসমূলক কাম-কাজ কৰা নাই ৷ বিপিএফৰ সময়ছোৱাত সংঘটিত অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে ৰাইজ অতিষ্ট হৈ পৰিছে ৷ সেয়েহে ৰাইজে পৰিৱৰ্তন বিচাৰি ইউপিপিএল মুখী হৈছে ৷

Chirang UPPL mass joining RTU
বিজনীত ইউপিপিএলৰ দলীয় যোগদান সভা

আনহাতে, ইউপিপিএলত নতুনকৈ যোগদান কৰা বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন নেতা চিন্বয় সৰকাৰে কয় যে, বিপিএফৰ অপশাসনত অতিষ্ট হৈয়ে ফেডাৰেচনৰ কেন্দ্ৰীয় নেতৃত্বই ইউপিপিএলত যোগদান কৰিছে ৷

লগতে পঢ়ক-কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পঞ্চায়ত সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.