চিৰাং,25 নৱেম্বৰঃ বিটিআৰ অঞ্চলত বিটিচি নিৰ্বাচনক কেন্দ্ৰকৰি ইউপিপিএলৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে । ইউপিপিএল দলৰ প্ৰতিষ্টাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই বুধবাৰে চিৰাঙৰ এক জন সভাত অংশগ্ৰহণ কৰি কয় যে, বিটিচি নিৰ্বাচনত ৰাজনৈতিক বাতাবৰণ এই বাৰ ইউপিপিএলৰহে দেখিবলৈ পোৱা গৈছে । জনগণে পৰিৱৰ্তনৰ স্বাৰ্থতে ইউপিপিএল দলক এইবাৰ ভোটদান কৰিব । বিটিআৰ চুক্তিৰ আধাৰত এই বাৰৰ বিটিচি নিৰ্বাচন অনুষ্ঠিত হৈছে । পৰিৱৰ্তনৰ বাবে বিটিআৰ ৰূপায়ণ কৰিবই লাগিব । বিপিএফ দলে বিটিআৰ ৰূপায়ণ কৰিব বিচৰা নাই বুলি কয় ব্ৰহ্মই । আন ৰাজনৈতিক দলবোৰৰ বিটিআৰ লৈ কোনো এজেণ্ডা নাই । কেৱল মাথো ইউপিপিএল দলে সু-স্পষ্ট নীতিৰে এই নিৰ্বাচনত নামিছে ।
সেয়ে ৰাইজে বিটিআৰ চুক্তি ৰূপায়ণ আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে এইবাৰ ইউপিপিএলক ভোটদানৰ বাবে আগবাঢ়ি আহিছে বুলি দাবী কৰে প্ৰতিষ্ঠাপক সভাপতি ব্ৰহ্মই । বিজেপিক লৈ ইউপিপিএল দল মুঠেই চিন্তিত নহয় । বিটিচিত ১/২ টা মানহে আসন পাব পাৰে বিজেপিয়ে। আগন্তক বিধান সভা নিৰ্বাচনৰ বাবেহে বিজেপিয়ে তৎপৰতা চলাই আছে। বিপিএফ-বিজেপিৰ সংঘাত কোনেও বুজি পোৱা নাই কাৰণ তেওঁলোকৰ মিত্ৰতা অব্যাহত আছে । ইউপিপিএলৰ বাবে কোনো দল বিটিচিত ফেক্টৰ নহয় বুলি স্পষ্ট কৰে উৰ্খাউ গৌৰা ব্ৰহ্মই । বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে বিগত ১৭ বছৰে কোনো কাম নকৰাত আজি ইউপিপিএলক লৈ শংকিত হৈছে ৷ সেয়ে ইউপিপিএলৰ সভালৈ অহা লোকক খাম্পা বৰগয়াৰীয়ে বাধা প্ৰদানৰ অভিযোগ তুলিলে নেতা গৰাকীয়ে।
বিপিএফৰ দাদা গিৰি শেষৰ পিনে বুলি স্পষ্ট কৰে প্ৰাৰ্থী ফেৰেঙ্গাই । বিগত সময়ত বিপিএফে জাতীয় ভেদাভেদ আনি ৰাজত্ব কৰিছিল ঠিকেই; কিন্তু কোনো উন্নয়ণ নকৰিলে । এই বিষয়ত আৰক্ষীকো জনোৱা হৈছে বুলি কয় ফেৰেঙ্গাই । মুঠতে এইবাৰ খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰণ কৰিব বুলি উল্লেখ কৰি কলে, যোৱাবাৰ মাত্ৰ ৩৮ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল খাম্পা বৰগয়াৰী ।
আনহাতে ইউপিপিএলৰ এই জনসভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইচলাৰী, সম্পাদক ফণীন বড়োকে ধৰি ইউপিপিএলৰ অন্যান্য কেবাজনো কেন্দ্ৰীয় নেতা উপস্থিত থাকে ৷
লগতে পঢ়কঃজৈৱিক পাচলিৰে শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন যোগান টীয়কৰ বিদ্যালয়ত