চিৰাং,5নৱেম্বৰ: চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ভেৰভেৰি পথত এখন যাত্ৰী কঢ়িওৱা বাহনৰ পৰা ড্ৰাগছসহ দুজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰী দুটা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ জয়মাৰ ফঙল কমল ৰায় আৰু চিৰাঙৰ হাশ্ৰাওবাৰীৰ নিত্যানন্দ ৰায় বুলি জানিব পৰা গৈছে ৷

চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি, সৰৱৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ চাৰিটা প্লাষ্টিকৰ কন্টেইনাৰৰ লগতে ম'বাইল ফোন, কিছু পৰিমানৰ ভূটানী আৰু ভাৰতীয় টকাও উদ্ধাৰ কৰে ।

অন্য এক খবৰৰ বাবে: ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা