ETV Bharat / state

মাস্ক বিক্ৰী কেন্দ্ৰ উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই - ASRLMS

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত চিৰাঙত ভ্ৰাম্যমাণ মাস্ক বিক্ৰী কেন্দ্ৰৰ উদ্বোধন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । ৰাজ্যৰ আত্মসহায়ক গোটসমূহে কৰা এই ধৰণৰ কাৰ্যৰ শলাগ লয় মন্ত্ৰী গৰাকীয়ে ৷

Chirang self help group mobile Mask selling point assam etv bharat news
মাস্ক বিক্ৰী কেন্দ্ৰ উদ্বোধন
author img

By

Published : May 12, 2020, 9:47 PM IST

চিৰাং,12 মে’: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহে উৎপাদন কৰা মাস্ক বিক্ৰীৰ বাবে এক ভ্ৰাম্যমাণ বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় ৷ লগতে কাজলগাঁৱত Covid 19 ৰ বাবে এক সজাগতামূলক প্ৰচাৰ আৰম্ভ কৰা হয় ৷ জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী, উপায়ুক্ত গৌতম তালুকদাৰৰ উপস্থিতিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ চিদলী-চিৰাং খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক গুণজিৎ ঠাকুৰীয়াই জিলাখনৰ গ্ৰামাঞ্চলৰ লোকসকলে যাতে মাস্ক ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে বিভাগটোৰ পৰা কম মূল্যত বিক্ৰী কৰাৰ লগতে Covid 19 ৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ভ্ৰাম্যমাণ বিপণীৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে ৷

মাস্ক বিক্ৰী কেন্দ্ৰ উদ্বোধন

উল্লেখ্য যে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত 105 টা গোটে তলা বন্ধৰ সময়ত এই পৰ্যন্ত 21,345 খন মাস্ক তৈয়াৰ কৰিছে । ইয়াৰে 9003 খন মাস্ক বিক্ৰীৰে গোটটোৱে 2,05,750 টকা লাভ কৰে ৷

লগতে চাওকঃ এগৰাকী অকলশৰীয়া মহিলাৰ কৰুণ কাহিনী...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.