ETV Bharat / state

চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি

বাপতি সাহোন বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী ৷ প্ৰতিগৰাকী অসমীয়াই ৰঙালীক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি পালন কৰি আহিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ বিহুটি ৷

চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি
চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি
author img

By

Published : Apr 12, 2021, 6:28 AM IST

Updated : Apr 12, 2021, 8:19 AM IST

চিৰাং, 12 এপ্ৰিল: নঙলামুখ পালেহি হেঁপাৰ ৰঙালী ৷ বাপতি সাহোন বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী ৷ প্ৰতিগৰাকী অসমীয়াই ৰঙালীক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি পালন কৰি আহিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ বিহুটি ৷ বিভিন্ন ঠাইৰ বিভিন্ন গোষ্ঠীয়ে ভিন্ন নামেৰে নামাকৰণ কৰা এই বিহুটিক নামনিৰ ৰাজবংশী সকলে বিষুৱা আৰু বড়ো সকলে ৰংজালী বৈশাগু বুলি উদযাপন কৰে ৷

আন আন ঠাইৰ দৰে বিহুটিক আদৰাৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত কাজলগাঁও আঞ্চলিক এবছুৰ কাৰ্যালয়তো ৰঙালীক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ ছিফুং,সেৰজা,খাম আৰু জোথাৰ সুৰত নাচিছে বড়ো ছিখলা(গাভৰু) আৰু ছেংৰা(ডেকা) সকলে ৷ বিগত বছৰত মহামাৰীৰ বাবে বিহু উদযাপন কৰিব নোৱাৰা অসমীয়াই এইবাৰ দুগুন উৎসাহেৰে বিহু পালন কৰিবৰ বাবে সাজু হৈছে ৷

চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি

লগতে পঢ়ক: মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন

Last Updated : Apr 12, 2021, 8:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.