ETV Bharat / state

জনাঞ্চলত মুক্ত বিচৰণ মানাহৰ গঁড়ৰ - Rhino open moving

চিৰাঙৰ পানবাৰীৰ মানাহৰ পৰা ওলাই অহা গঁড়ৰ মুকলি বিচৰণ । বন বিভাগৰ কটকটীয়া নিৰাপত্তা ৷

Chirang Rhino open moving
জনাঞ্চলত মুক্ত বিচৰণ মানাহৰ গঁড়ৰ
author img

By

Published : Feb 23, 2020, 4:39 PM IST

চিৰাং,13 ফেব্ৰুৱাৰী: চিৰাং জিলাৰ পানবাৰীৰ বৰপথাৰ-কাহিতমা অঞ্চলত মানাহৰ পৰা ওলাই অহা গঁড়ৰ মুকলি বিচৰণ । উক্ত অঞ্চলত কেইবা ঘৰ মানুহৰ আচবাব ক্ষতি কৰাৰ অভিযোগ । প্ৰজননৰ বাবে মানাহৰ পৰা ওলাই অহা গড়টো শুক্ৰবাৰেই গাঁও অঞ্চলত প্ৰৱেশ কৰিছিল ৷ যদিও দেওবাৰেহে বন বিভাগে গঁড়টো খেদি পানবাৰী আৰু ছাউৰাং অঞ্চলৰ মাজত থকা বনত নিবলৈ সক্ষম হৈছে । কিন্তু যিকোনো সময়তে পুনৰ জনাঞ্চললৈ গড়টো সোমাই অহাৰ আশংকা আছে । সেয়ে বন বিভাগে কটকটীয়া নিৰাপত্তা প্ৰদান কৰা বুলি জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে । লগতে তেওঁ গঁড়টো খেদি পঠিওৱাত সহায় কৰাৰ বাবে গাঁওবাসীক ধন্যবাদ জনায় ।

জনাঞ্চলত মুক্ত বিচৰণ মানাহৰ গঁড়ৰ

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায়েই এইদৰে জনাঞ্চললৈ ওলাই আহে গঁড় । বিশেষকৈ মানাহৰ গঁড়সমূহ বাশবাৰী বনাঞ্চলতহে থাকে যদিও ওলাই চিৰাঙৰ পানবাৰী বা কুকলং বনাঞ্চলত সোমোৱাৰ লগে লগে নিৰাপত্তাহীনতাত পৰিবলগীয়া হয় গঁড় । সেয়ে বন বিভাগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলগীয়া হয় ।

লগতে পঢ়ক:ক’ৰোণা ভাইৰাছৰ সংহাৰঃ চীনত মৃত্যুৰ সংখ্যা 2,386 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.