ETV Bharat / state

চিৰাঙৰ নতুনমাটীত গঁড়ৰ মুকলি বিচৰণ - মানাহ ৰাষ্ট্ৰীয় উদ্যান

চিৰাঙৰ নতুনমাটীত মানাহৰ পৰা ওলাই অহা গঁড়ৰ মুকলি বিচৰণ। বন বিভাগৰ কটকটীয়া নিৰাপত্তা । আহত অৱস্থাত আছে গঁড়ৰটো। আগঠেঙত আঘাত পোৱাৰ সন্দেহ।

চিৰাঙৰ নতুনমাটীত গঁড়ৰ মুকলি বিচৰণ
চিৰাঙৰ নতুনমাটীত গঁড়ৰ মুকলি বিচৰণ
author img

By

Published : Feb 24, 2020, 12:05 PM IST

চিৰাং,24 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ কুকলুং বনাঞ্চলৰ নতুন মাটী গাঁৱৰ মাজত মানাহৰ পৰা ওলাই অহা এটা গঁড়ৰ মুকলি বিচৰণ সোমাবাৰে । কেবাজনো লোকৰ ঘৰৰ আচবাব ক্ষতি কৰাৰ তথ্য লাভ কৰা গৈছে গঁড়টোৱে । প্ৰজননৰ বাবে মানাহৰ পৰা ওলাই অহা গঁড়টো শুকুৰবাৰে গাঁও অঞ্চলত প্ৰৱেশ কৰিছিল দেওবাৰে কালি বন বিভাগে খেদি পানবাৰী আৰু ছাউৰাং অঞ্চলৰ মাজত থকা জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিল গঁড়টো কিন্ত নিশা আকৌ তাৰ পৰা ওলাই আহি নতুন মাটীত গাঁওৰ মাজত আশ্ৰয় লয় মাইকী গঁড়জনীয়ে।

নতুনমাটীত মানাহৰ পৰা ওলাই অহা গঁড়ৰ মুকলি বিচৰণ

ইফালে জনাঞ্চলত প্ৰৱেশ কৰা গঁড়টো চাবলৈ বহু লোকৰ সমাগম হৈছে । গঁড়ৰটো আগঠেঙত আঘাত পোৱাৰো সন্দেহ কৰা হৈছে । সেয়ে বন বিভাগে কটকটীয়া নিৰাপত্তা প্ৰদান কৰা বুলি জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে। উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায়েই এইদৰে জনাঞ্চললৈ ওলাই আহে গঁড় । বিশেষকৈ মানাহৰ গঁড় সমূহ বাশবাৰী বনাঞ্চলত হে থাকে যদিও ওলাই চিৰাঙৰ কুকলং বনাঞ্চলত সোমোৱাৰ লগে লগে নিৰাপত্তাহীনতাত পৰিবলগীয়া হয় । আনহাতে বন বিভাগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে যদিও গড়টো গাঁওখনৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই এই পৰ্যন্ত ।

লগতে চাওকঃ বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত NIA ক ব‍্যৱহাৰ কৰিছেঃঅদীপ ফুকন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.