চিৰাং, 3 অক্টোবৰ : চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই শনিবাৰে জিলাখনৰ সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰে । অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই বন্তি প্ৰজ্বলনেৰে প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰে । ক’ভিডত আক্ৰান্ত হৈ যিসমূহ পৰিয়ালৰ সদস্য ঢুকাইছে সেই পৰিয়ালক প্ৰাৰ্থনা আঁচনিৰ অধীনত এক লাখ টকাৰ চেক বিতৰণ কৰা হয় ৷
এই আঁচনিৰ অধীনত চৰকাৰে 7 টা পৰিয়ালক চেক বিতৰণ কৰে ৷ আঁচনিখন ৰূপায়নত যাতে কোনো দুৰ্নীতি সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰে ৷ আনহাতে অনুষ্ঠানত ১০ গৰাকীক অবিচি (অন্যান্য পিচপৰা শ্ৰেণী)ৰ প্ৰমানপত্ৰ বিতৰণ কৰে ।
চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী, পাৰিষদ ছাইকং বসুমতাৰী, অতিৰিক্ত উপায়ুক্তৰ লগতে বিজেপি-ইউপিপিএল দলৰ বহুকেইজন নেতা উপস্থিত থাকে ৷ মন্ত্ৰী ইউ জি ব্ৰহ্মই গান্ধী জয়ন্তীৰ লগত সংগতি এই আঁচনি ৰূপায়নৰ কথা জানিবলৈ দিয়ে ৷
মন্ত্ৰীগৰাকীয়ে লগতে উপ নিৰ্বাচনত তেওঁলোকৰ কোনো বিৰোধী নথকাত দলে নতুনকৈ একো প্ৰস্তুতি কৰিবলগীয়া নাই বুলিও উল্লেখ কৰে । তেওঁ বিপিএফ দলৰ কোনো অস্তিত্ব নাই বুলি উল্লেখ কৰাৰ লগতে তামোলপুৰ আৰু গোঁসাইগাঁও যে ইউপিপিএল দলৰ দখললৈ যাব তাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে ৷ বিজেপিৰে ইউপিপিএলৰ মিত্ৰতা পাঁচ বছৰ থাকিবই বুলি মন্ত্ৰী ব্ৰহ্মই দাবী কৰে ৷
লগতে পঢ়ক : শ্বেৰমান যদি পুৰুষ হয় দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় হওক: ড৹ জয়নাথ শৰ্মা