ETV Bharat / state

চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান

author img

By

Published : May 22, 2021, 7:33 PM IST

বাৰ্মিজ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান ৷ বিজনীত ১০ কোটি টকা বজাৰ মূল্যৰ চুপাৰী জব্দ ৷ ৯ জনক গ্ৰেপ্তাৰ ।

chirang-police-operation
চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান: ১০ কোটি টকা বজাৰ মূল্যৰ চুপাৰী জব্দ

চিৰাং, 22 মে': ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁৰ দায়িত্বত থকা গৃহ বিভাগক অধিক কাৰ্যক্ষম কৰাৰ পৰিকল্পনা হাতত লৈছে । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মুখ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অন্যান্য উচ্চ পদস্থ বিষয়া সকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰে ।

ৰাজ্যৰ সৰৱ সামালোচিত তথা অতি বিতৰ্কিত বিষয় 'অবৈধ ছিণ্ডিকেট'ৰ অৱসান ঘটাবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ৷ আৰক্ষী বিভাগটোক এই বিষয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই 'ফ্ৰী হেণ্ড' প্ৰদান কৰে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে সংবাদ মাধ্যম আৰু সৰ্বসাধাৰণ জনতাক ৰাজ্যখনত অসাধু চক্ৰই চলাই থকা যিকোনো অবৈধ ছিণ্ডিকেট সম্পৰ্কে কোনো তথ্য পালে পোনে পোনে আৰক্ষী সঞ্চালক প্ৰধানক অবগত কৰিবলৈ আহ্বান জনাইছিল । ইতিমধ্যে অসম আৰক্ষীৰ জিলা অধীক্ষক পৰ্য্যায়ত ৰদ-বদল কৰি ৰাজ্যৰ আৰক্ষী বিভাগটোক অধিক কাৰ্যক্ষম কৰা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে বিভিন্ন জিলাত গৰুৰ অবৈধ তথা চোৰাং ব্যৱসায়ৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক আটক কৰিছে । তাৰ উপৰিও বিভিন্ন অপৰাত জড়িত বহু সংখ্যক অপৰাধী আৰক্ষীৰ হাতত বন্দী হৈছে ।

শুকুৰবাৰে নিশা চিৰাং আৰক্ষীয়ে জিলা খনত দীৰ্ঘ সময় ধৰি সংক্ৰিয় হৈ থকা বাৰ্মিজ চুপাৰীৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলাই ৯ জন লোকক আটক কৰে । চিৰাং আৰক্ষীয়ে একাধিক অবৈধ চুপাৰী ভঁৰালত অভিযান চলাই প্ৰায় ১০ কোটি টকা বজাৰ মূল্যৰ চুপাৰী জব্দ কৰে ।

ভঁড়াল গৃহত ম্যানমাৰ আৰু বাংলাদেশত নিৰ্মিত কেইবাটাও মৰাপাটেৰে তৈয়াৰী বস্তাও জব্দ কৰে । । দীৰ্ঘ সময় ধৰি জিলা খনৰ বিজনী অঞ্চলত সংক্ৰিয় হৈ থকা বাৰ্মিজ চুপাৰীৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ী চক্ৰই বিভিন্ন পক্ষক হাতৰ মুঠিত ৰাখি পোনে পোনে ম্যানমাৰৰ পৰা চুপাৰী আমদানি কৰি বিভিন্ন ভঁৰালত মজুত ৰাখি পাছত ছেগবুজি বহিঃৰাজ্যৰ আৰু ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

চিৰাং আৰক্ষীয়ে শুকুৰবাৰৰ অভিযানত ছিণ্ডিকেট চক্ৰৰ মূল ব্যক্তি হিচাপে সন্দেহ কৰা কুৰ্বান আলীক আটক কৰিবলৈ সক্ষম হয় । চিৰাং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত তথা অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধি, উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু বিজনী মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চাৰিটা অভিযানকাৰী গোটত বিভক্ত হৈ শুকুৰবাৰে নিশা ১১ বজাত চলোৱা অভিযানে বৃহৎ সফলতা লাভ কৰে ৷

লগতে পঢ়ক: মাজুলীৰ জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.