ETV Bharat / state

চিৰাঙত আৰক্ষীৰ মহানুভৱতা, শ্ৰমিকক যোগান ধৰিলে খাদ্য - Dhaligaon Police Station

বাইহাটাৰ এটা কোম্পানীত কৰ্মৰত এইসকল শ্ৰমিকে লকডাউনৰ ফলত আৱদ্ধ হৈ পৰিছিল ৷ কিন্তু লকডাউন শিথিল হোৱাৰ পিচটো কোম্পানীটোৱে এইসকল শ্ৰমিকক ওভোটাই পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ এনে অৱস্থাত নিজেই টকা খৰচ কৰি বাছভাড়া কৰি নিজ গৃহলৈ ওভটি যোৱাৰ ব্যৱস্থা কৰে তেওঁলোকে ৷ কিন্তু বঙাইগাঁও জিলাৰ ৰাখালডুবিত বাছৰ পৰা নমাই দিয়া হয় শ্ৰমিকসকলক ৷

চিৰাঙত আৰক্ষীৰ মহানুভৱতা
শ্ৰমিকক যোগান ধৰিলে খাদ্য
author img

By

Published : Jun 12, 2020, 3:07 PM IST

চিৰাং, 12 জুন : চিৰাঙত আৰক্ষীৰ মহানুভৱতা । বাইহাটা চাৰিআলিৰ পৰা অহা 13জন শ্ৰমিকক নিশা খাদ্য যোগান ধৰে চিৰাং আৰক্ষীয়ে ৷ পশ্চিমবঙ্গৰ মালদাহ লৈ যোৱাৰ পথত নিশাৰ ভাগত 31নং চি ৰাষ্ট্ৰীয় ঘাইপথত ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই খাদ‍্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমিক কেইজনক ঘৰলৈ পঠোৱাৰ বাবে গাড়ীৰ ব‍্যৱস্থা কৰে ।

শ্ৰমিকক খাদ্যৰ যোগান ধৰিলে আৰক্ষীয়ে
শ্ৰমিকক খাদ্যৰ যোগান ধৰিলে আৰক্ষীয়ে

বাইহাটাৰ এটা কোম্পানীত কৰ্মৰত এইসকল শ্ৰমিকে লকডাউনৰ ফলত আৱদ্ধ হৈ পৰিছিল ৷ কিন্তু লকডাউন শিথিল হোৱাৰ পিচটো কোম্পানীটোৱে এইসকল শ্ৰমিকক ওভোটাই পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ নিজেই টকা খৰচ কৰি বাছভাড়া কৰি নিজ গৃহলৈ ওভটি যোৱাৰ ব্যৱস্থা কৰে তেওঁলোকে ৷ কিন্তু বঙাইগাঁও জিলাৰ ৰাখালডুবিত বাছৰ পৰা নমাই দিয়া হয় শ্ৰমিকসকলক ৷ এনে অৱস্থাত 14 কিলোমিটাৰ খোজকাঢ়ি ঢালিগাঁৱৰ বৰতালোৱাত উপস্থিত হয় শ্ৰমিকসকল ৷

চিৰাঙত আৰক্ষীৰ মহানুভৱতা

পৰৱৰ্তী সময়ত নিশাই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই শ্ৰমিকসকলক খাদ‍্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমিকসকলক গাড়ীৰে ঘৰলৈ পঠোৱাৰ ব‍্যৱস্থা কৰে । বহিঃৰাজ‍্যৰ এইসকল শ্ৰমিকে দীৰ্ঘদিন অসমত থাকি কাম কৰাৰ পিচত ঘৰলৈ ওভোতাৰ সময়ত চিৰাং আৰক্ষীৰ পৰা লাভ কৰা সহায়ৰ শলাগ লয় । আৰক্ষীয়ে যে সদায় বিপদগ্ৰস্থ লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহে এয়া তাৰেই এক উদাহৰণ ।

লগতে পঢ়কঃ যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.