চিৰাং, ৪ জুন : লক ডাউন অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে চিৰাং জিলাৰ বেংতলত আৰক্ষীয়ে চুলাই মদৰ ঘাটি উচ্ছেদ কৰে । জানিব পৰা মতে, ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ নেতৃত্বত চলা এক অভিযানত বেংতলৰ কেবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ২০০ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় । স্থানীয় লোকৰ অভিযোগ অনুসৰি, লক ডাউনৰ মাজতো চুলাই মদ বনোৱা এই সমুহ অঞ্চলত নিতৌ মদৰ আড্ডা অব্যাহত আছিল ।
![Chirang police destroy local liquor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:27_as-chg-03-chirangpolicedestroylocalliquor-photo-10012_04062020174858_0406f_1591273138_779.jpg)
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,বহুদিনৰ পৰাই আৰক্ষীয়ে অভিযোগ লাভ কৰি আহিছিল ।
![Chirang police destroy local liquor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:27_as-chg-03-chirangpolicedestroylocalliquor-photo-10012_04062020174858_0406f_1591273138_392.jpg)