ETV Bharat / state

চিৰাং আৰক্ষীৰ জালত কুখ্যাত ম'বাইল চোৰ আমজেদ আলী - বিজনী বাৰমুদা ম'বাইল শ্বপ

চিৰাং আৰক্ষীৰ জালত ম'বাইল চোৰ ৷ অভিযান চলাই বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰটোক ৷ 27 টা ম'বাইল, নগদ ধন আৰু চাৰিচকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

chirang-police-arrested-mobile-phone-theift
চিৰাং আৰক্ষীৰ জালত কুখ্যাত ম'বাইল চোৰ আমজেদ আলী
author img

By

Published : Aug 12, 2020, 10:31 PM IST

চিৰাং, 12 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধাবাৰে চিৰাং আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পৰা এজন ম'বাইল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে, আৰক্ষীয়ে চোৰ গৰাকীৰ পৰা 24 টাকৈ স্মাৰ্টফোন,এখন চাৰিচকীয়া বাহনৰ লগতে নগদ ধন 27,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

chirang-police-arrested-mobile-phone-theift
চিৰাং আৰক্ষীৰ জালত কুখ্যাত ম'বাইল চোৰ আমজেদ আলী
chirang-police-arrested-mobile-phone-theift
চিৰাং আৰক্ষীৰ জালত কুখ্যাত ম'বাইল চোৰ আমজেদ আলী

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জুনৰ 27 তাৰিখে বিজনী চহৰৰ বাৰমুদা ম'বাইল শ্বপৰ পৰা নিশা দোকানখনৰ চিলিঙ ভাঙি ম'বাইল চুৰি কৰিছিল চোৰে । পৰৱৰ্তী সময়ত দোকানখনৰ গৰাকী বেদান্ত দাসে উক্ত বিষয় সন্দৰ্ভত বিজনী থানাত এজাৰ দাখিল কৰাত বিজনী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 461 আৰু 480 ধাৰা অনুসৰি আৰক্ষীৰ 2870/20 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছিল । গোচৰ ৰুজু হোৱাৰ পিচতে চিৰাং আৰক্ষীৰ দল এটাই অনুসন্ধান চলাই এমাহৰ পিচত বুধবাৰে বৰপেটা জিলাৰ হাউলীৰ পৰা উক্ত ঘটনাৰ লগত জড়িত এজন চোৰক চিৰাং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, চিৰাঙৰ বিজনী বাৰমুদা ম'বাইল শ্বপৰ পৰা মুঠ 48 টা ম'বাইল চুৰি হৈছিল যদিও আজি 27 টা বিভিন্ন কোম্পানীৰ ম'বাইল, নগদ ধন 27,000 হাজাৰ টকা আৰু এচ01ডিভি-2697 নম্বৰৰ চাৰিচকীয়া বাহন এখন চিৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা লোকজন বৰপেটা জিলাৰ মন্দিয়াৰ আমজেদ আলী বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিব দিয়ে ৷

লগতে পঢ়ক : ডিচাম চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.