চিৰাং, 5 নৱেম্বৰ : চিৰাঙত বাসুগাঁও আৰক্ষীৰ অভিযান ৷ দীপাৱলীৰ পূৰ্বে বৃহস্পতিবাৰে বাসুগাঁও থুৰিবাৰিৰ ৰূপক চৌধুৰী নামৰ এজন যুৱ ব্যৱসায়ীৰ পৰা বৃহৎ সংখ্যক অবৈধ আতজবাজী জব্দ কৰে আৰক্ষীয়ে ৷
![Chirang police against illegal crackers stock](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-07-chirangpoliceagainstillegalcrackersstock-vis-10012_05112020192920_0511f_1604584760_354.jpg)
এক গোপন সূত্ৰৰ পম খেদি জিলা(সদৰ) উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা অভিযানত অবৈধভাৱে মজুত ৰখা আতজবাজী খিনি জব্দ কৰাৰ লগতে যুৱ ব্যৱসায়ীজনকো আটক কৰে আৰক্ষীয়ে ৷
এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে যুৱ ব্যৱসায়ীজনক থানালৈ লৈ গৈ দণ্ডাধীশৰ উপস্থিতিত সোধ-পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা