ETV Bharat / state

কাৰ্যক্ষম চিৰাঙৰ অক্সিজেন প্লান্ট - JSB civil hospital

কাৰ্য্যক্ষম হৈ উঠিছে চিৰাং জিলা সদৰৰ জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital)ৰ অক্সিজেন প্লান্ট ৷ সদ্যহতে জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital)ত অক্সিজেন যোগান ধৰিব যদিও পৰৱৰ্তী সময়ত জিলাখনৰ অইন ঠাইতো অক্সিজেন যোগানৰ বিষয়টো বিবেচনা কৰাৰ কথাও জনায় জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷

Chirang Oxygen plant ready for service
কাৰ্যক্ষম চিৰাঙৰ অক্সিজেন প্লান্ট
author img

By

Published : Jun 16, 2021, 10:35 PM IST

চিৰাং, 16 জুন : বুধবাৰে কাৰ্যক্ষম হৈ উঠিছে চিৰাং জিলা সদৰৰ জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital)ৰ অক্সিজেন প্লান্ট । বড়োদ্ৰাৰ প্ৰাইম টেকনোভেট প্ৰাইভেট লিমিটেড (BPTPL) ৰ অভিযন্তা অশোক কুমাৰৰ দলৰ নেতৃত্বত বুধবাৰৰ পৰা কাৰ্যক্ষম কৰি তুলা হৈছে অক্সিজেন প্লান্টটো ।

বুধবাৰে অভিযন্তা অশোক কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে অক্সিজেন উৎপাদনৰ বাবে কাৰ্যক্ষম হৈ উঠিছে প্লান্টটো । মঙলবাৰৰ পৰা অক্সিজেন উৎপাদন আৰম্ভ কৰা হৈছিল যদিও বুধবাৰেহে নিৰীক্ষণ পৰ্যায় সমাপ্ত কৰি সম্পূৰ্ণ কাৰ্যক্ষম হোৱা বুলি জনায় ।

কাৰ্যক্ষম চিৰাঙৰ অক্সিজেন প্লান্ট

ব্ৰিটেইনে ভাৰত চৰকাৰক প্ৰদান কৰা অক্সিজেন প্লান্টো কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে চিৰাঙলৈ প্ৰেৰণ কৰা প্লান্টৰ যাৱতীয় সৰঞ্জামসমূহ বিগত ১৩ মে' তাৰিখত জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital)ত আহি পাইছিল ৷ কাৰিকৰী অসুবিধাৰ বাবে ইমান দিনে কাৰ্যক্ষম কৰি তুলিব পৰা নাছিল যদিও বুধবাৰে সম্পূৰ্ণ হৈ উঠে প্লান্টৰ কাম ।

চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital) ভ্ৰমণ কৰি বুজ লোৱাৰ লগতে অক্সিজেন প্লান্ট কাৰ্যক্ষম হৈ উঠা বুলি মন্তব্য কৰে । সদ্যহতে জে এচ বি অসামৰিক চিকিৎসালয় (JSB civil hospital)ত অক্সিজেন যোগান ধৰিব যদিও পৰৱৰ্তী সময়ত জিলাখনৰ অইন ঠাইতো অক্সিজেন যোগানৰ বিষয়টো বিবেচনা কৰাৰ কথাও জনায় উপায়ুক্তগৰাকীয়ে ৷

অক্সিজেন প্লান্টটো ৰাজ্য চৰকাৰৰ সৈতে আলোচনা মৰ্মে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ব বুলি জনায় জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । জিলা উপায়ুক্তগৰাকীয়ে লগতে জনায় যে চিৰাঙত এটাও আই চিই উ নাছিল যদিও ইতিমধ্যে ৩০ টা আই চি ইউ সম্পূৰ্ণ কৰি তোলা হৈছে যদিও ২২ টাত অক্সিজেন থাকিব কিন্ত ভেন্টিলেটৰ নাথাকিব ।

লগতে পঢ়ক : গুজৰাট মডেল: অভিভাৱক মন্ত্ৰীৰ সৈতে থাকিব ১৩ আই এ এছ বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.