চিৰাং,৬ জুনঃ চিৰাং জিলাৰ বিভিন্ন দল সংগঠনক চিঠিৰে ৰাজ্যপালৰ সৈতে সভাত মিলিত হোৱাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল । বিয়লি ১ বজাৰ পিছত এই সভা অনুষ্ঠিত হ'বলগীয়া আছিল যদিও ৰাজ্যপালৰ সৈতে সভাত বহাৰ কোনো সুবিধা নিদিলে বুলি বিভিন্ন দল সংগঠনে ক্ষোভ ব্যক্ত কৰে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ বিৰুদ্ধে ।
![protest aginest dc](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08:08_as-chg-04-chirangorganisationsprotest-vis-10012_05062020195347_0506f_1591367027_1062.jpg)
সকলো দল সংগঠনে নীজৰ নিজৰ জনগোষ্ঠীৰ সমস্যা লৈ ৰাজ্যপালক স্মাৰক প্ৰদান কৰিব লৈ আহিছিল। কিন্তু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰতে প্ৰৱেশ কৰিবলৈ নিদিলে জাতীয় দল সংগঠনৰ প্ৰতিনিধিক । ইপিনে দল সংগঠন সমুহে অভিযোগ কৰি কয় যে, ৰাজ্যপালে মাথো ইউ পি পিএল দলৰ সৈতেহে সভাত মিলিত হয় ।
লগতে পঢকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী
এই ক্ষেত্ৰত জিলা উপায়ুক্ত জনক ধিক্কাৰ জনায় সকলো দল সংগঠনে । আক্ৰাছু, আমছু, এবিএমছু, বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচন, নাথ যোগীয় ছাত্ৰ সন্থা, আগছু, বিএচইউ, গোৰ্খা ছাত্ৰ সন্থা, আছা, সদৌ ছাউতাল ছাত্ৰ সন্থা আদিৰ নেতৃত্বক জিলা উপায়ুক্ত জনে নিজে চিঠিৰে মাতি আনি অপমান কৰা বুলি অভিযোগ কৰে সংগঠন সমূহে।
এই দল সংগঠন সমুহক কিয় মতা হল আৰু ৰাজ্যপালৰ সৈতে কিয় সভাত বহিব দিয়া নহ'ল এই লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰে আৰু সকলোৱে জিলা উপায়ুক্তৰ কাৰ্যক গৰিহনা দিয়ে । ৰাজ্যপাল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱাৰ পিছতেই সকলো ছাত্ৰ সংগঠনে যৌথ ভাৱে প্ৰতিবাদ জনায় । এই ক্ষেত্ৰত সংগঠন সমুহে জিলা উপায়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ৰাজ্যপালক।