ETV Bharat / state

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু - বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু

বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা দীন মাহাতো নামৰ লোকজনৰ ঘৰ বিহাৰৰ খাগাৰীয়া জিলাৰ মঞ্চি থানাৰ অধীনৰ টাটাত ৷ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু
author img

By

Published : Nov 1, 2019, 7:36 PM IST

চিৰাং, 1 নৱেম্বৰঃ চিৰাঙৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীন থকা ব্ৰহ্মপাৰাত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এজন বৃদ্ধাৰ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, অঞ্চলটোত পাৱাৰ গ্ৰীডৰ কাম কৰি থকা 'স্পিকাৰ' নামৰ প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে গাঁৱখনত শিবিৰ পাতি থকা অৱস্থাত নিশা ১১ মান বজাত বনৰীয়া হাতীৰ চিঞৰ শুনিবলৈ পায় ৷ তাৰ পাচতে শিবিৰটোৰ চকীদাৰ ৬২ বছৰীয়া দীন মাহাতো নামৰ লোকজনক হাতীয়ে আক্ৰমণ কৰে ৷ যাৰ ফলত থিতাতে নিহত হয় দীন মাহাতো ৷ পুৱাৰ ভাগত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ হোৱাৰ পাছত বন বিভাগ আৰু আৰক্ষীৰ দলে মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁও জে এছ বি চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু

উল্লেখ্য যে, বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা দীন মাহাতো নামৰ লোকজনৰ ঘৰ বিহাৰৰ খাগাৰীয়া জিলাৰ মঞ্চি থানাৰ অধীনৰ টাটাত ৷ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বিগত সময়ছোৱাত অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ ইয়াৰ পূৰ্বেও ৰিপু চিৰাং বনাঞ্চল তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বন্যহস্তীৰ জাকৰ আক্ৰমণত সীমান্তত মৃত্যু হৈছে বহু লোকৰ । এই ক্ষেত্ৰত বন বিভাগে যি ধৰণৰ তৎপৰতাৰে বন্য হস্তীৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণৰ কোনো তৎপৰতা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ।

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰিত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধা নিহত ৷ নিহত বৃদ্ধা গৰাকি নিৰ্মাণ সংস্থাৰ কৰ্মচাৰী ।

Body:চিৰাং জিলাৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ তথা ভাৰত- ভূটান সীমান্তৰ দেওশ্ৰী ভিচিডিচিৰ অধীনৰ ব্ৰহ্মপাৰাত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন বৃদ্ধাৰ মৃত্যু হয় ৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰামতে, অঞ্চলটোত পাৱাৰ গ্ৰীডৰ কাম কৰি থকা 'স্পিকাৰ' নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ এটা কৰ্মীৰ দলে গাঁওখনত শিবিৰ পাতি থকা অৱস্থাত নিশা ১১ মান বজাত বনৰীয়া হাতীৰ জাকৰ চিঞৰ শুনি পলাবলৈ লওতে শিবিৰটোৰ চকীদাৰ দীন মাহাতো নামৰ ৬২ বছৰীয়া লোকজন হাতীৰ আক্ৰমণত মৃত্যু ঘটে ৷ আজি পুৱা ভাগত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ হোৱাৰ পাছত বন বিভাগ আৰু আৰক্ষীৰ দলে মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁও জে এছ বি চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

নিৰ্মান কৰ্মীৰ বাইট দিলো ।

Conclusion:বন্যহস্তীৰ আক্ৰমণত নিহত দীন মাহাতো নামৰ লোকজনৰ ঘৰ বিহাৰৰ খাগাৰীয়া জিলাৰ মঞ্চি থানাৰ অধীনৰ টাটাত ৷ উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বিগত ভালেকেইদিনৰ পৰা অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ ইয়াৰ পুৰ্বেও ৰিপু চিৰাং বনাঞ্চল তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বন্য হস্থীৰ জাতৰ আক্ৰমনত সীমান্তত প্ৰায়েই দুই এজনকৈ লোকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায় । এই ক্ষেত্ৰত বন বিভাগে যি ধৰনৰ তৎপৰতাৰে বন্য হস্থীৰ ক্ষেত্ৰত ব্যৱস্থা লব লাগে সেই ধৰনৰ কোনো তৎপৰতা দেখিবলৈ পোৱা নাযায় বুলি স্থানীয় লোকে অভিযোগ কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.