ETV Bharat / state

ভাৰত-ভূটান সীমান্তত গুলীবিদ্ধ খৰিকটীয়া - এনএলএফবি

গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ৷ অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত ভৰিত গুলী লাগে এজন খৰিকটীয়াৰ ৷

chirang-one-bullet-injury
ভাৰত-ভূটান সীমান্তত গুলীবিদ্ধ খৰিকটীয়া
author img

By

Published : May 4, 2021, 10:42 PM IST

চিৰাং,4 মে’: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । সীমান্তৰ দাদগিৰীৰ ৪নং হাতিসাৰ বনগাঁৱৰ বাসিন্দা বলে বসুমতাৰী(৩৯) নামৰ লোকজনে সীমান্তৰ জংঘলত খৰি কাটিবলৈ যোৱা অৱস্থাত গুলীবিদ্ধ হয় । মঙলবাৰে পুৱা ৮ বজাত সংঘটিত হয় এই ঘটনা । অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত ভৰিত গুলী লাগে লোকজনৰ ৷ বৰ্তমান টুক্ৰাঝাৰৰ ক্ৰফ্টচ মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ব্যক্তিজন ।

বিয়লি চিৰাং আৰক্ষীয়ে লোকজনক উন্নত চিকিৎসাৰ বাবে কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনাৰ তদন্ত বিচাৰি আৰক্ষীক অনুৰোধ জনাইছে গুলীবিদ্ধ ব্যক্তিজনে ৷ ইপিনে এই ঘটনাক লৈ চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সৈতে যোগাযোগ কৰাত ব্যক্তিজনে ভুলক্ৰমে যদিহে ভূটানত প্ৰৱেশ কৰিছিল, তেন্তে ভূটান আৰক্ষী নতুবা ভূটান সেনাই গুলীয়াব পাৰে লোকজনক ।

বিষয়টো গুৰুত্ব সহকাৰে লৈ চিৰাং আৰক্ষীয়ে তদন্ত চলাই আছে ৷ উল্লেখ্য যে, চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলসমূহতে বাহৰ পাতি আছে নতুনকৈ গঠিত এনএলএফবিৰ নেতা এম বাথা ৷ ইতিমধ্যে বাথাই বিজেপি-ইউপিপিএলৰ বহু কেইজন নেতাক ভাবুকি প্ৰদান কৰাৰ লগতে ঠায়ে ঠায়ে সীমান্ত অঞ্চলত ধন দাবী কৰা বুলিও জানিব পৰা গৈছে । এই গুলীচালনাৰ ঘটনাত এনএলএফবি জড়িত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক : কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.