ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ এজন আৰক্ষী জালত

author img

By

Published : Jun 17, 2021, 10:56 PM IST

বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীৰ কাৱাটীকাত নিশা কাৱাটীকাৰ এঘৰত অভিযান চলাই আব্দুল গনিৰ(২৩) ঘৰৰ পৰা আৰক্ষীয়ে ৭০.৩৩ মি:গ্ৰা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

চিৰাঙত ড্ৰাগছসহ এজন আৰক্ষী জালত
চিৰাঙত ড্ৰাগছসহ এজন আৰক্ষী জালত

চিৰাং,17 জুন:ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

তাৰমাজতে চিৰাং জিলাৰ বিজনীৰ কাৱাটীকাত বৃহস্পতিবাৰে নিশা কাৱাটীকাৰ এঘৰত অভিযান চলাই আব্দুল গনিৰ(২৩) ঘৰৰ পৰা আৰক্ষীয়ে ৭০.৩৩ মি:গ্ৰা ড্ৰাগছ জব্দ কৰে । আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আব্দুল গনিৰ ঘৰত অভিযান চলাই জব্দ কৰে নিষিদ্ধ ড্ৰাগছখিনি ।

জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰু মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী আব্দুল গনিক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.