চিৰাং,23আগষ্টঃ চিৰাঙৰ বিজনী কাৱাটিকাত শুকুৰবাৰে ৰাইজৰ সহযোগত আমছুৱে ২ জন ড্ৰাগছ ব্যৱসায়ী আটক কৰি আৰক্ষীক গতায়। শুকুৰবাৰে ড্ৰাগছসহ আটক হোৱা যুৱকদ্বয় ক্ৰমে ইক্ৰামুল হুছেইন আৰু ছোলেমান আলি। দুয়োৰে ঘৰ বিজনীৰ ১নং শাকতোলাত। আটকাধীন ২ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৪ টাকৈ ড্ৰাগছৰ কন্টেইনাৰসহ খালী ৪ টা কন্টেইনাৰ উদ্ধাৰ কৰে আমছুৱে। উল্লেখ্য যে আমছুৱে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাক জনোৱাৰ লগে লগে আৰক্ষী কাৱাটিকাত উপস্থিত হৈ দুয়ো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে।
চিৰাঙত আমছুৱে ৰাইজৰ সহযোগত আটক কৰিলে 2 ড্ৰাগছ ব্যৱসায়ীক - চিৰাং
চিৰাঙৰ বিজনী কাৱাটিকাত আমছুৱে ৰাইজৰ সহযোগত দুই ড্ৰাগছ ব্যৱসায়ীক ধৰি গতালে আৰক্ষীক । ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ হোৱাৰ আহ্বান সংগঠনটোৰ ।
চিৰাং,23আগষ্টঃ চিৰাঙৰ বিজনী কাৱাটিকাত শুকুৰবাৰে ৰাইজৰ সহযোগত আমছুৱে ২ জন ড্ৰাগছ ব্যৱসায়ী আটক কৰি আৰক্ষীক গতায়। শুকুৰবাৰে ড্ৰাগছসহ আটক হোৱা যুৱকদ্বয় ক্ৰমে ইক্ৰামুল হুছেইন আৰু ছোলেমান আলি। দুয়োৰে ঘৰ বিজনীৰ ১নং শাকতোলাত। আটকাধীন ২ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৪ টাকৈ ড্ৰাগছৰ কন্টেইনাৰসহ খালী ৪ টা কন্টেইনাৰ উদ্ধাৰ কৰে আমছুৱে। উল্লেখ্য যে আমছুৱে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাক জনোৱাৰ লগে লগে আৰক্ষী কাৱাটিকাত উপস্থিত হৈ দুয়ো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে।
Body:চিৰাঙৰ বিজনী কাৱাটিকাত ৰাইজৰ সহযোগত আমছুয়ে ২ জন ড্ৰাগছ ব্যৱসায়ী আটক কৰি আৰক্ষীক গতায়। বিগত কুছু দিনৰ পৰা ড্ৰাগছৰ ঘাটিত পৰিনত হৈছিল এইখন গাঁও কাৱাটিকা । তাৰ পিচতে সজাগ হৈছিল আৰক্ষী,গাঁওবাসী সহ বিভিন্ন দল সংগঠন । আজি ড্ৰাগছ সহ আটক হোৱা যুৱকদ্বয় ক্ৰমে ইক্ৰামুল হুছেইন আৰু ছোলেমান আলি। দুয়োৰে ঘৰ বিজনীৰ ১নং শাকতোলাত। আটকাধীন ২ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৪ টাকৈ ড্ৰাগছৰ কন্টেইনাৰ সহ খালী ৪ টা কন্টেইনাৰ উদ্ধাৰ কৰে আমছুয়ে। বিজনী জিলা আমছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আটক কৰা দুয়োজনক বিজনী আৰক্ষীক গতায় । আমছুয়ে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাক জনোৱাৰ লগে লগে তেওঁলোক কাৱাটিকাত উপস্থিত হৈ দুয়ো ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে ।।
বাইট : আবুল কালাম আজাদ, সভাপতি বিজনী জিলা আমছু ।
Conclusion:আমছুৰ বিজনী জিলা সভাপতিয়ে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাহ হোৱাৰ আহ্বান জনায় । যিকোনো সময়ত ড্ৰাগছৰ বিষয়া আমছু আৰু আৰক্ষীক অৱগত কৰাৰ বাবেও আহ্বান জনায় । তেওঁ আৰু কয় যে ৰাইকে ধৰি দিয়া ড্ৰাগছ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়নৰ দাবী জনাই কয় যে ৰাইজে ধৰি দিয়া ড্ৰাগছৰ ব্যৱসায়ী সকল দুই/তিনি মাহৰ ভিতৰত জামিনত ওলাই আহি পুনৰ এই ব্যৱসায়ত জড়িত হৈ পৰে । গতিকে আইনৰ সুৰুঙাৰে যাতে ড্ৰাগছৰ ব্যৱসায়ী সকল সাৰি যাব নোৱাৰে তাৰ বাবেও আহ্বান জনায় আমছুৰ নেতৃত্বইই ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।