চিৰাং,9 ডিচেম্বৰ : ইতিমধ্যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্ত পৰিছে ৷ 10 ডিচেম্বৰ বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ’ব ৷ উল্লেখযোগ্য যে, চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিত মুঠ 34 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । প্ৰাৰ্থীত্ব আগবঢ়োৱাসকলৰ ভিতৰত আছে 29 গৰাকী পুৰুষ আৰু পাঁচ গৰাকী মহিলা ৷ জিলাখনৰ জনজাতি সংৰক্ষিত 13 নম্বৰ চিৰাং সমষ্টিত পাঁচজন, 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টিত তিনিজন, 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিত পাঁচজন, 16 নম্বৰ নিছিমা পৰিষদীয় সমষ্টিত তিনিজন, 17 নম্বৰ সুবাইঝাৰ সমষ্টিত চাৰিজন, 18 নম্বৰ মানাস ছেৰফাং সমষ্টিত চাৰিজন আৰু 19 নম্বৰ মুকলি থুৰিবাৰী সমষ্টিত সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
![Chirang Ofiicials going to polling station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangofiicialsgoingtopollingstation-vis-10012_09122020143446_0912f_1607504686_896.jpg)
জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 368188 জন আৰু ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 184683 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 183505 ৷ জিলাখনৰ মুঠ 461 টা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ।
![Chirang Ofiicials going to polling station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangofiicialsgoingtopollingstation-vis-10012_09122020143446_0912f_1607504686_25.jpg)
সম্প্ৰতি বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে চিৰাঙৰ ৭ টা পৰিষদীয় সমষ্টিৰ ৪৬১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ভোটগ্ৰহণৰ যাৱতীয় সা-সামগ্ৰী লৈ যাত্ৰা বিষয়া সকলৰ । কটকটীয়া নিৰাপত্তাৰ মাজত ক’ভিডৰ নীতি-নিয়মৰ মাজেৰে বৃহস্পতিবাৰে অনুষ্টিত হ’ব বহু প্ৰতীক্ষিত বিটিচি পৰিষদীয় নিৰ্বাচন ।
লগতে পঢ়কঃ আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান