ETV Bharat / state

বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত চিৰাঙত শিক্ষকৰ প্ৰতিবাদ

author img

By

Published : Feb 6, 2021, 6:53 PM IST

চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত প্ৰাদেশিকীকৰণৰ স্বীকৃতি লাভ নকৰিলে চিৰাঙৰ বহু কেইখন বিদ্যালয়ে । উপায়হীন হৈ শনিবাৰে প্ৰতিবাদত নামিল চিৰাঙৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক ।

বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত চিৰাঙত শিক্ষকৰ প্ৰতিবাদ
বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত চিৰাঙত শিক্ষকৰ প্ৰতিবাদ

চিৰাং, ৬ ফেব্ৰুৱাৰী: বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত শনিবাৰে চিৰাঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে । ২০০৬ চনৰ ১ জানুৱাৰীলৈকে সকলো বিদ্যালয়ক প্ৰাদেশিকীকৰণৰ স্বীকৃতি প্ৰদান কৰিবলৈ আৰু বি টি আৰৰ সকলো বিদ্যালয়ত একেটা দিনতে শিক্ষক নিযুক্তি দিবলৈ দাবী জনায় শিক্ষকসকলে । অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলে শনিবাৰে কাজলগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰা মতে, বিটিচি নিৰ্বাচনৰ পূৰ্বে শিক্ষা মন্ত্ৰীয়ে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । বছৰ বছৰ ধৰি এই শিক্ষকসকলে বিনা বেতনেৰে পাঠদান কৰি আহিছে । তথাপিও চৰকাৰে এই শিক্ষকসকলৰ সমস্যাক আওকাণ কৰিছে বুলি অভিযোগ তোলে শিক্ষকসকলে । প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যলৈ স্মাৰক প্ৰেৰণ কৰে ।

লগতে পঢ়ক:টীয়কত মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.