চিৰাং, 22 অক্টোবৰঃ চিৰাং জিলাৰ সদাব্যস্ত এটা স্থান ছাপাগুৰি চাৰিআলি । চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ ৩ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত এই ঠাইখিনি বিগত এবছৰৰ পৰা পথছোৱাত বেয়া হৈ আছে ট্ৰেফিক ছিগনেল পইন্ট,নিশাৰ লাইট আদি । প্ৰায় প্ৰতিদিনেই এই ঠাইত সংঘটিত হয় দুৰ্ঘটনা । চিৰাঙৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ চাৰি-পাঁচ জন লোকেও এই ঠাইত নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় সদায়। কেৱল মাথো ইয়াতেই নহয় এই ৩১নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনিআলি,চিৰাঙৰ চাপাগুৰি চাৰিআলি,কুকুৰমাৰীৰ বেংতলগেট, ঢালিগাঁও মেইনগেট, কাজলগাঁও, সুন্দৰি, ছিদলী, কালিকত্ৰা আৰু স্যামথাইবাৰী তিনালিতো একেই অৱস্থা । কোনো এটা ট্ৰেফিক ছিগনেল পইন্ট ভাল নাই যোৱা এবছৰৰ পৰা।
![চিৰাঙৰ ছাপাগুৰি চাৰিআলি ট্ৰেফিক পইন্ট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9266684_hxdfb.jpg)
ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে ঠায়ে ঠায়ে টোল গেট বহুৱাই জনসাধাৰণক লুটিছে কিন্ত ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতি তথা ইয়াৰ ট্ৰেফিক ছিগনেল পইন্ট আদিৰ মেৰামতিৰ প্ৰতি কোনো নজৰ দিয়া পৰিলক্ষিত হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁও মণ্ডল বিষয়া জ্যোতি লহকৰৰ সৈতে যোগাযোগ কৰাত কেমেৰাৰ সন্মুখলৈ আহিবলৈ অস্বীকাৰ কৰে যদিও বঙাইগাঁৱৰ মনোজ হৰলালকা নামৰ ঠিকাদাৰজনে কাম নকৰি মইমতালি কৰাৰ কথা স্বীকাৰ কৰে । প্ৰাধিকৰণৰ পৰা কামৰ বাবে হেঁচা দিলেই মন্ত্ৰী বা আন কোনোবা শীৰ্ষ বিষয়াৰ পৰা লিখিতভাৱে নিৰ্দেশ অনাৰ ফলত ফলত বিভাগীয় বিষয়াসকলে কৰিবলৈ একো নাথাকে বুলি জনায় বিষয়াজনে । মনোজ হাৰলালকা নামৰ ঠিকাদাৰ জন শাসকীয় কেবাজনো মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বাবেই তেওঁৰ বিৰুদ্ধে কোনেও কঠোৰ ব্যৱস্থা ল'ব নোৱাৰে। সেয়ে তেওঁ সংবাদ মাধ্যমৰ সহায় বিচাৰে।
![ট্ৰেফিক পইন্টত নাই ছিগনেল লাইট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9266684_hxfdbg.jpg)
ইফালে সংবাদ মাধ্যমৰ পৰা ঠিকাদাৰ মনোজ হৰলালকাৰ সৈতে যোগাযোগ কৰাত তেওঁ লগ কৰিবলৈ অস্বীকাৰ কৰে ৷ প্ৰত্যুুত্তৰত কয় যে,দিল্লী আৰু কলকাতাৰ পৰা কাৰিকৰী লোক আহি ঠিক কৰিব ট্ৰেফিক ছিগনেল কিন্ত ক'ৰোণাৰ বাবে আহিব পৰা নাই ।
ইফালে চিৰাং আৰক্ষীয়েও বিচাৰিছে অতি সোনকালে এই সমূহ ট্ৰেফিক ছিগনেল আৰু লাইট সমুহ ঠিক কৰি দিয়াটো। কিন্ত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ আৰু ঠিকাদাৰ মনোজ হৰলালকাক বহুবাৰ লিখনি দিও কোনো ফল লাভ কৰা নাই বুলিও জনায় আৰক্ষীয়ে।
লগতে চাওকঃ কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু চুডৰ প্ৰতিমূৰ্তি নিৰ্মাণ